নেশ্যনেল ডেস্ক,১৯ অক্টোবৰ : ইজৰাইলত হামাছৰ আক্ৰমণক লৈ বিশ্বজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে । ভাৰতৰ ৰাজনৈতিক দল আৰু নেতাসকলেও বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । কিন্তু তাৰ মাজতে ভাৰতৰ উত্তৰ কেৰালাৰ এখন বিশেষ চহৰৰ একাংশ লোকে অহৰহ ইজৰাইলৰ বাবে নিষ্ঠাৰে কাম কৰি আছে । হামাছৰ আক্ৰমণৰ আগত আৰু পাছতো লোকসকলে কাম কৰি গৈছে ।
উল্লেখ্য যে কান্নুৰৰ এটা স্থানীয় পোছাক প্ৰস্তুতকাৰী গ্ৰুপৰ শ শ দৰ্জীয়ে যোৱা ৮ বছৰ ধৰি ইজৰাইল আৰক্ষী বাহিনীৰ বাবে ইউনিফৰ্মৰ চাৰ্টবোৰ প্ৰস্তুত কৰি আহিছে । ৰাজনৈতিকভাৱে চৰ্চাত থকা কান্নুৰ হস্ততাঁত নিৰ্মাণ আৰু বস্ত্ৰ শিল্পৰ ৰপ্তানিৰ গৌৰৱময় পৰম্পৰাৰ বাবেও জনাজাত । ইজৰাইল আৰক্ষী বাহিনীৰ সুন্দৰ পাতল নীলা, দীঘল হাতৰ ইউনিফৰ্ম চাৰ্টৰ আঁৰত আছে জিলাখনৰ মাৰিয়ান এপাৰেল প্ৰাইভেট লিমিটেডৰ দৰ্জী আৰু কৰ্মচাৰীসকল ।
কেৱল দুটা পকেট চাৰ্টবোৰেই নহয় প্ৰতিষ্ঠানটোৱে ট্ৰেডমাৰ্ক প্ৰতীকবোৰো ডিজাইন আৰু সংলগ্ন কৰে । মুম্বাইস্থিত কেৰালাৰ ব্যৱসায়ী থমাছ অলিকাল হৈছে পোছাক প্ৰস্তুতকাৰী গ্ৰুপটোৰ স্বত্বাধিকাৰী । বৰ্তমান প্ৰতিষ্ঠানটোত ১,৫০০ ৰো অধিক প্ৰশিক্ষিত কৰ্মচাৰী আছে । ইডুক্কি জিলাৰ থোডুপুজাৰ বাসিন্দা থমাছে এই সন্দৰ্ভত কয় যে যুদ্ধ আৰম্ভ হোৱাৰ পাছতো ইজৰাইল আৰক্ষীয়ে কোম্পানীটোৰ সৈতে যোগাযোগ ৰাখিছে আৰু অধিক ইউনিফৰ্মৰ বাবে অতিৰিক্ত অৰ্ডাৰ দিছে ।
তেওঁ কয় যে তেওঁলোকে এই বছৰৰ পৰা এক নতুন সামগ্ৰীৰ অৰ্ডাৰ দিছে আৰু প্ৰথমটো চালান ডিচেম্বৰৰ ভিতৰত কৰা হ'ব । ইজৰাইল আৰক্ষীৰ প্ৰশিক্ষণৰ বাবে কাৰ্গো পেণ্ট আৰু চাৰ্টৰ ইউনিফৰ্ম ছেট প্ৰস্তুত কৰাৰ বাবেও প্ৰতিষ্ঠানটোক অনুৰোধ জনাইছে । পোছাকৰ উৎপাদন চলি আছে আৰু নৱেম্বৰৰ শেষৰ ফালে বা ডিচেম্বৰৰ আৰম্ভণিৰ ভিতৰত চিলাই আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে ।