অসম

assam

ETV Bharat / bharat

Israel-Palestine war: পেলেষ্টাইনৰ প্ৰতি সমৰ্থন প্ৰকাশেৰে শীঘ্ৰে যুদ্ধ বিৰতিৰ আহ্বান মল্লিকাৰ্জুন খাৰ্গেৰ - Kharge on Israel Palestine war

কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে গাজাৰ এখন চিকিৎসালয় আৰু আৱাসিক অঞ্চলত হোৱা বোমা বিস্ফোৰণক গৰিহণা দি এই আক্ৰমণক “অযুক্তিকৰ আৰু এক ভয়াৱহ মানৱীয় ট্ৰেজেডী” বুলি অভিহিত কৰে ৷ যাৰ বাবে দোষীক জবাবদিহি কৰিব লাগিব বুলিও কয় ৷

Israel-Palestine war
Israel-Palestine war

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 8:38 PM IST

নিউজ ডেস্ক, 19 অক্টোবৰ: ইজৰাইল-পেলেষ্টাইন যুদ্ধৰ মাজতে বৃহস্পতিবাৰে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই গাজাত আৱদ্ধ জনসাধাৰণক মানৱীয় সাহায্য প্ৰদানৰ আহ্বান জনোৱাৰ লগতে তাৎক্ষণিক যুদ্ধবিৰতিৰ আহ্বান জনায় । খাৰ্গেই এক বিবৃতিত সকলো পক্ষকে “অৰ্থহীন হিংসা আৰু যুদ্ধ”ৰ পথ পৰিত্যাগ কৰি আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ আহ্বান জনায় যাতে পেলেষ্টাইনী জনসাধাৰণৰ আকাংক্ষা পূৰণ হয় আৰু ইজৰাইলৰ নিৰাপত্তাজনিত চিন্তাও সুৰক্ষিত হয় ।

গাজা আৰু আৱাসিক অঞ্চলৰ চিকিৎসালয়খনত হোৱা বোমা বিস্ফোৰণৰ ফলত শ শ নিৰীহ পুৰুষ, মহিলা আৰু শিশুৱো প্ৰাণ হেৰুৱাই পেলোৱাটো অযুক্তিকৰ আৰু এক ভয়াৱহ মানৱীয় ট্ৰেজেডী ৷ যাৰ বাবে অপৰাধীসকলক জবাবদিহি কৰিব লাগিব বুলি কয় খাৰ্গেই ।

"ভাৰতীয় জাতীয় কংগ্ৰেছে পেলেষ্টাইনী জনসাধাৰণৰ অধিকাৰৰ প্ৰতি দীৰ্ঘদিনীয়া সমৰ্থন পুনৰবাৰ প্ৰকাশ কৰিছে । নিজৰ সাৰ্বভৌম ৰাষ্ট্ৰৰ মৰ্যাদা, আত্মসন্মান আৰু সমতাৰ জীৱনৰ বাবে পেলেষ্টাইনী জনসাধাৰণৰ আকাংক্ষা দীৰ্ঘদিনীয়া আৰু নিখুঁতভাৱে বৈধ । এই আকাংক্ষাবোৰ নিয়মিতভাৱে দমন আৰু অস্বীকাৰ কৰা হৈছে । লাখ লাখ পেলেষ্টাইনীক নিলম্বন আৰু স্থানচ্যুত কৰা হৈছে । তেওঁলোকে ভয় আৰু আতংকৰ পৰিৱেশত বাস কৰিছে ।" খাৰ্গেই কয় ।

‘‘ভাৰতীয় জাতীয় কংগ্ৰেছে তাৎক্ষণিক যুদ্ধবিৰতি আৰু গাজাৰ আৱদ্ধ জনসাধাৰণক মানৱীয় সাহায্যৰ বাবে পুনৰ আহ্বান জনাইছে । সকলো পক্ষকে অৰ্থহীন হিংসা আৰু যুদ্ধৰ পথ পৰিত্যাগ কৰি আলোচনা আৰু কূটনীতিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ আহ্বান জনাইছে কংগ্ৰেছে ৷ যাতে পেলেষ্টাইনী জনসাধাৰণৰ আকাংক্ষা পূৰণ হয় আৰু ইজৰাইলৰ নিৰাপত্তাজনিত চিন্তাও নিশ্চিত কৰা হয় ।’’ খাৰ্গেই দোহাৰে ৷

উল্লেখ্য যে, ইজৰাইল পেলেষ্টাইনৰ যুদ্ধৰ মাজতে ভাৰতত শাসকীয় দলে ইজৰাইলৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ পৰিৱৰ্তে কংগ্ৰেছে পেলেষ্টাইনৰ প্ৰতি সমৰ্থন জনাইছে ৷ যাক লৈ গৰম হৈ আছে দেশৰ ৰাজনীতি ৷

লগতে পঢ়ক:Protest urging ceasefire in Gaza : গাজাত যুদ্ধবিৰতিৰ দাবীত আমেৰিকাত প্ৰতিবাদ

ABOUT THE AUTHOR

...view details