অসম

assam

ETV Bharat / bharat

হানি ট্ৰেপিঙৰ চেষ্টা চলোৱা ভুৱা সেনা কৰায়ত্ত - ISIয়ে হাণি ট্ৰেপিঙৰ চেষ্টা কৰা ভুৱা সেনা গ্ৰেপ্তাৰ

এগৰাকী ভুৱা সেনাক হানি ট্ৰেপিঙৰ চেষ্টা কৰিছিল পাকিস্তানৰ চোৰাংচোৱা সংস্থা ISI য়ে । দিল্লীৰ মোহন গাৰ্ডেনৰ বাসিন্দা দিলীপ কুমাৰ নামৰ ভুৱা সেনাজনক গ্ৰেপ্তাৰৰ পিছতে এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে ।

honey trapping
হানি ট্ৰেপিঙৰ চেষ্টা চলোৱা ভুৱা সেনা কৰায়ত্ত

By

Published : Jun 19, 2021, 10:08 PM IST

নেশ্যনেল ডেস্ক, ১৯ জুন :দেশত হানি ট্ৰেপিঙৰ(honey trapping) ঘটনা কোনো নতুন কথা নহয় । কিন্তু এইবাৰ এগৰাকী ভুৱা সেনাক হানি ট্ৰেপিঙৰ চেষ্টা পাকিস্তানৰ চোৰাংচোৱা সংস্থা আইএছআইৰ (Inter-Services Intelligence)। যিগৰাকী ব্যক্তিক ইতিমধ্য়ে ভুৱা সেনাৰ বেশত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । জানিব পৰা মতে, প্ৰকৃত সেনা জোৱান বুলি বিবেচনা কৰি ৪০ বছৰীয়া ব্যক্তিজনক ISI য়ে হানি ট্ৰেপিঙৰ চেষ্টা কৰিছিল ।

শনিবাৰে আৰক্ষীয়ে এই ভয়ংকৰ তথ্যৰ কথা সদৰী কৰে । ধৃত ব্যক্তিগৰাকী নতুন দিল্লীৰ মোহন গাৰ্ডেনৰ বাসিন্দা দিলীপ কুমাৰ বুলি চিনাক্ত কৰা হৈছে । ভুৱা সেনাৰ বেশত গ্ৰেপ্তাৰ কৰা দিলীপ কুমাৰক কৈলাশ আৰক্ষী থানাত জেৰা চলাই থকা হৈছে ।

জানিব পৰা মতে, জেৰা চলোৱাৰ উদ্দেশ্য়ে কৈলাশ আৰক্ষী থানাত উপস্থিত হৈছে সেনাৰ অনুসন্ধানকাৰী বিষয়া, আই বি(IB) আৰু দিল্লী আৰক্ষীৰ বিশেষ শাখা । আৰক্ষীৰ সূত্ৰ অনুসৰি পাকিস্তানৰ ISI য়ে ছদ্মবেশী লোকজনক এগৰাকী প্ৰকৃত বিষয়া হিচাপে গণ্য কৰিছিল ৷ সম্প্ৰতি বিষয়াসকলে হানি ট্ৰেপিঙৰ তথ্য লাভ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । ইয়াৰ পূৰ্বে শুকুৰবাৰে কুমাৰক দিল্লী আৰক্ষীয়ে গ্ৰেটাৰ কৈলাশ-১ ৰ অৰ্চনা ৰেড লাইটৰ ওচৰত এগৰাকী সেনা বিষয়াৰ ছদ্মবেশ লোৱাৰ বাবে গ্ৰেপ্তাৰ কৰিছিল ।

আৰক্ষীয়ে জনোৱা মতে তেওঁ ১০০ তকৈও অধিক হোৱাটছ এপ গ্ৰুপৰ সদস্য আৰু ১০০ ৰো অধিক মহিলাৰ সংস্পৰ্শত আছে । লগতে তেওঁ আন কেইবাখনো দেশৰ হোৱাটছ এপ নম্বৰৰ লগত যোগাযোগ ৰাখিছিল । লোকজনক গ্ৰেপ্তাৰ কৰাৰ পিছতে তেওঁৰ ম'বাইল ফোন জব্দ কৰিছিল । সম্প্ৰতি ম'বাইলটো পৰীক্ষা-নিৰীক্ষা কৰি থকা হৈছে ।

ম'বাইলটো পৰীক্ষণৰ সময়তে আৰক্ষীয়ে জানিবলৈ সক্ষম হৈছিল যে, অভিযুক্তজনে আন্তৰ্জাতিক নম্বৰৰ সৈতে ভিডিঅ' কলত সংযুক্ত হৈছিল । অনুসন্ধানৰ পিছত অভিযুক্ত লোকজনে প্ৰকাশ কৰে যে তেওঁ ছ'চিয়েল মিডিয়াত মহিলাসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ ভাৰতীয় সেনাৰ কেপ্টেইন শেখৰ হিচাপে পোষ্ট দিছিল । তেওঁ এইটোও স্বীকাৰ কৰিছিল যে তেওঁ কিছুমান বিদেশী নাগৰিকৰ সৈতে কথা পাতিছিল আৰু তেওঁলোকৰ সৈতে কিছুমান ভিডিঅ' আৰু ফটো শ্বেয়াৰ কৰিছে । এই ঘটনাই সম্প্ৰতি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰি আছে যদিও ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

লগতে পঢ়ক:চণ্ডীগড়ত অনুষ্ঠিত হ'ব মিলখা সিঙৰ অন্ত্যেষ্টিক্ৰিয়া

ABOUT THE AUTHOR

...view details