নেশ্যনেল ডেস্ক, ২৩ জুন :যোৱা ১৭ জুনত বিহাৰৰ দাৰভাংগা ৰে’ল ষ্টেচনত সংঘটিত হৈছিল এক ৰহস্যজনক বিস্ফোৰণ । ষ্টেচনত থকা এখন পাৰ্চেল ভান (parcel van) হঠাৎ বিস্ফোৰিত হৈছিল । সংঘটিত বিস্ফোৰণত পাকিস্তানৰ চোৰাংচোৱা সংস্থা আইএছআই(ISI) জড়িত থকাৰ সন্দেহ কৰিছে তদন্তকাৰী সংস্থাই । সূত্ৰ অনুসৰি, এণ্টি টেৰ'ৰিজিম স্কোৱাডৰ (ATS) এটা দলে আইএছআই (ISI)ৰ জড়িত থকাৰ বিষয়ে জানিবলৈ বিষয়টো তদন্ত কৰি আছে ।
দাৰভাংগাৰ চৰকাৰী ৰে’ল আৰক্ষীৰ(GRP) ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত এটা তদন্ত দলে পিছত বিস্ফোৰণ হোৱা পাৰ্চেলটো বুক কৰা ব্যক্তিজনক চিনাক্ত কৰিবলৈ ছেকেন্দ্ৰাবাদলৈ গৈছিল । ছেকেন্দ্ৰাবাদ GRP আৰু তেলেংগানা ATS ৰ সহযোগত কমেও চাৰিজন সন্দেহজনক লোকক ইতিমধ্যে আটক কৰা হৈছে । ইফালে ছেকেন্দ্ৰাবাদত ঘটনাটোৰ তদন্ত কৰি থকা আৰক্ষীৰ দলটোৱে ছেকেন্দ্ৰাবাদ-দাৰভাংগা এক্সপ্ৰেছ ৰে'লত পাৰ্চেলটো বুক কৰা সন্দেহযুক্ত মহম্মদ চুফিয়ানৰ সম্ভেদ লাভ কৰিছে ।
চুফিয়ানে ছেকেন্দ্ৰাবাদৰ পৰা দাৰভাংগালৈ বুক কৰি অনা কাপোৰৰ এটা টোপোলাত সংঘটিত হৈছিল বিস্ফোৰণটো ।