নেশ্যনেল ডেস্ক,১২ অক্টোবৰ :বিহাৰৰ বক্সাৰত সংঘটিত দুৰ্ঘটনাক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া অব্যাহত আছে । বুধবাৰে নিশা সংঘটিত এই দুৰ্ঘটনাক লৈ ৰহস্যৰো সৃষ্টি হৈছে । ৰে'ল বিভাগে এই দুৰ্ঘটনাৰ আঁৰত ষড়যন্ত্ৰৰ সন্দেহ কৰিছে । কিয়নো দুৰ্ঘটনাস্থলীৰ চাৰিওফালে ৰে'লপথবোৰ ভাগি থকা দেখা গৈছে । যাৰ বাবে পূব মধ্য ৰে'লৱেৰ মহাপ্ৰৱন্ধক তৰুণ প্ৰকাশে ইয়াৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে । সংবাদ মাধ্যমৰ সন্মুখত তেওঁ কয় যে ৰে'লৱেই এই দুৰ্ঘটনাৰ নিজাববীয়া তদন্তৰ ব্যৱস্থা কৰিছে । ৰে'ল বিভাগৰ তদন্তকাৰী দলে প্ৰথমে ইয়াৰ অনুসন্ধান কৰিব ।
দুৰ্ঘটনা সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে দুৰ্ঘটনাৰ পাছতে ৰে'ল পুনৰুদ্ধাৰৰ বাবে দুয়োফালৰ পৰা ক্ৰেন অনা হৈছে । ৰে'লপথবোৰ শীঘ্ৰে ৰে'ল চলাচলৰ বাবে মুকলি কৰা হ'ব । তেওঁ লগতে উল্লেখ কৰা মতে দুৰ্ঘটনাটোৰ তদন্ত কৰিবলৈ আৰু প্ৰতিবেদন দাখিল কৰিবলৈ এক উচ্চ পৰ্যায়ৰ সমিতিৰ পোষকতা কৰা হৈছে । ৰে'ল বিভাগে এনে দুৰ্ঘটনাৰ নিজা তদন্ত কৰে । ৰে'লপথবোৰ ভগা হৈছিল নে কি, সেয়া তদন্তৰ প্ৰতিবেদন প্ৰকাশৰ পাছত হে জানিব পৰা যাব বুলি তেওঁ উল্লেখ কৰে ।