অসম

assam

ETV Bharat / bharat

অসমত তৃণমূলৰ ভেটি স্থাপনৰ বাবে Trump Card সুস্মিতা দেৱ ! - 2024ৰ সাধাৰণ নিৰ্বাচন

অসমত দলৰ ভেটি স্থাপনৰ বাবে সাজু হৈছে তৃণমূল কংগ্ৰেছ(Trinamool Congress) ৷ কংগ্ৰেছৰ দলৰ সদ্য পদত্যাগী নেত্ৰী সুস্মিতা দেৱক লগত লৈ অসমত আগবাঢ়িব তৃণমূল কংগ্ৰেছ ৷ অতি শীঘ্ৰেই অসমত আৰম্ভ হ'ব সদস্যভৰ্তি অভিযান ৷

Is Sushmita Dev, Trinamool's card for Assam
অসমত তৃণমূলৰ ভেটি স্থাপনৰ বাবে Trump Card সুস্মিতা দেব

By

Published : Aug 28, 2021, 5:58 PM IST

নেশ্যনেল ডেস্ক, 28 আগষ্ট : পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ অভিলাসী বিজয়ে যেন তৃণমূল কংগ্ৰেছ(Trinamool Congress)ৰ মনোবল যথেষ্ট বৃদ্ধি কৰিছে ৷ কেৱল দলটোৰে নহয়, দলৰ মুৰব্বী মমতা বেনাৰ্জী(party supremo Mamata Banerjee) আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীকো(national general secretary Abhishek Banerjee) যথেষ্ট আত্মবিশ্বাসী যেন দেখা গৈছে ৷ ৰাজ্যখনৰ বাহিৰতো তৃণমূলৰ ভেটি(Trinamool's base) সম্প্ৰসাৰিত কৰাৰ বাবে তেওঁলোকৰ উচ্চাকাংক্ষাক গোপনে নৰখা কথাটোৱে ইয়াৰে ইংগিত বহন কৰিছে ৷

লগতে পঢ়ক :সুস্মিতা দেবক অসমত মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিব তৃণমূল কংগ্ৰেছে

2024ৰ সাধাৰণ নিৰ্বাচন(2024 general election)ৰ পূৰ্বে দলটোৱে এতিয়া ত্ৰিপুৰাত নিজৰ স্থিতি সবল কৰাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে ৷ অভিষেক বেনাৰ্জীকে ধৰি দলৰ শীৰ্ষ নেতাসকলে চুবুৰীয়া বিজেপি শাসিত ৰাজ্যখনলৈ সঘন আহ-যাহ কৰা পৰিলক্ষিত হৈছে ৷ ত্ৰিপুৰাৰ পাচতে এতিয়া তৃণমূলে বিজেপি শাসিত আন এখন চুবুৰীয়া ৰাজ্য অসমলৈ নিজৰ শাখা বিয়পোৱাৰ পৰিকল্পনা কৰিছে ৷ অসমত তৃণমূলৰ ভেটি স্থাপনৰ ক্ষেত্ৰত এতিয়া ট্ৰাম্প কাৰ্ড(trump card) হিচাপে বিবেচিত হৈছে কংগ্ৰেছৰ সদ্য-পদত্যাগী নেত্ৰী সুস্মিতা দেৱ(Sushmita Dev) ৷

লগতে পঢ়ক :Khela Hobe : শিলচৰত উপস্থিত হৈয়েই ক’লে সুস্মিতা দেৱে

দলীয় সূত্ৰই ইটিভি ভাৰতক জানিবলৈ দিয়া মতে, তৃণমূল কংগ্ৰেছৰ নেতৃত্বই সুস্মিতা দেৱক দলৰ মুখ হিচাপে প্ৰয়োগ কৰিব বিচাৰিছে আৰু অতি শীঘ্ৰে দলটোৱে অসমত সদস্য অভিযান(membership drive) আৰম্ভ কৰিব ৷

লগতে পঢ়ক :সংবাদমেলত কিয় উচুপি উঠিল সুস্মিতা দেৱে ?

তৃণমূলৰ এগৰাকী জ্যেষ্ঠ নেতাই কয়, "এই মাহৰ শেষৰ পৰা নাইবা ছেপ্তেম্বৰ মাহৰ আৰম্ভণিৰ পৰা আমি কেইবাটাও অনুষ্ঠানৰ পৰিকল্পনা কৰি আছো ৷ সুস্মিতা দেৱে কংগ্ৰেছ ত্যাগ কৰি আমাৰ দলত যোগদান কৰাৰ পাচতে প্ৰায় 34 গৰাকী স্থানীয় কংগ্ৰেছ নেতাই দল ত্যাগ কৰিছে ৷ আমি বৰাক উপত্যকাৰ লগতে বাংলাভাষী লোকসকলৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰিছো ৷ আগন্তুক মাহত অসমত অনুষ্ঠিত হ'বলগীয়া সাংগঠনিক বৈঠকত কংগ্ৰেছৰ বহু প্ৰাক্তন নেতা তৃণমূল কংগ্ৰেছৰ অংশ হ'ব পাৰে বুলি আলোচনা চলি আছে " ৷

লগতে পঢ়ক :কংগ্ৰেছে কি দিয়া নাছিল সুস্মিতাক ?

উল্লেখ্য যে, ৰাজনৈতিক পৰ্যৱেক্ষকসকলে অসম কংগ্ৰেছৰ উত্থান আৰু পতন যথেষ্ট সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে ৷ পৰৱৰ্তী সাধাৰণ নিৰ্বাচনৰ পূৰ্বে মমতা বেনাৰ্জী আৰু ছোনিয়া গান্ধীৰ মাজৰ সম্পৰ্কৰ ওপৰত অসমত কংগ্ৰেছৰ অৱস্থাই প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে ৷ কিন্তু এই মূহুৰ্তত অসমত দলৰ ভেটি স্থাপন কৰাক লৈ তৃণমূলক যথেষ্ট উৎসাহিত যেন দেখা গৈছে ৷ দলটোৱে জানিবলৈ দিয়া মতে, তৃণমূল কংগ্ৰেছৰ ভেটি সুদৃঢ় কৰাৰ বাবে অসমত ইতিমধ্যে নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰৰ সংগঠনে(poll strategist Prashant Kishore's organization) কাম আৰম্ভ কৰিছে ৷

লগতে পঢ়ক :তৃণমূলত সুস্মিতাৰ যোগদানে খহাইছে বৰাকত কংগ্ৰেছৰ ভেঁটি

ABOUT THE AUTHOR

...view details