নিউজ ডেস্ক, ৯ জুলাই : কেন্দ্ৰীয় মন্ত্ৰী স্মৃত ইৰাণীয়ে দেওবাৰে পশ্চিমবংগৰ পঞ্চায়ত নিৰ্বাচনত ব্যাপক হিংসাত্মক ঘটনাৰ বাবে শাসকীয় তৃণমূল কংগ্ৰেছক (টিএমচি) গৰিহণা দিয়ে । লগতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক প্ৰশ্ন কৰে যে তেওঁ এনে ঘটনাত অনুমোদন জনাইছে নেকি । কিয়নো তেওঁৰ দলে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে টিএমচিৰ সৈতে মিত্ৰতা গঢ়ি তুলিছে ।
"বংগৰ পঞ্চায়ত নিৰ্বাচনত যেনেধৰণে গণতন্ত্ৰক হত্যা কৰা হৈছে সেয়া দুৰ্ভাগ্যজনক । গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ সময়ত মানুহক হত্যা কৰা হৈছে । এতিয়া যিহেতু কংগ্ৰেছে টিএমচিৰ সৈতে মিত্ৰতা গঢ়ি তুলিছে, মই ৰাহুল গান্ধীক সুধিব বিচাৰোঁ যে গান্ধী পৰিয়ালে এনে হিংসাৰ বাবে দোষী এনে এটা দলৰ সৈতে হাত মিলোৱাটো গ্ৰহণযোগ্য নেকি ? ৰাহুল গান্ধীয়ে এই মৃত্যুবোৰক সমৰ্থন কৰে নেকি ?" ইৰাণীয়ে ভূপালত শিশু আয়োগৰ এক কাৰ্যসূচীৰ সময়ত এনেদৰে কয় ।
উল্লেখ্য, হিংসা আৰু অগ্নিসংযোগৰ ফলত শনিবাৰে বংগৰ পঞ্চায়ত নিৰ্বাচনত এক প্ৰকাৰৰ নজিৰবিহীন ঘটনাৰ সৃষ্টি হয় । যদিও চৰকাৰীভাৱে মৃত্যুৰ সংখ্যা ১০ জন, নিৰ্বাচনী হিংসাত প্ৰায় ১৮ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । ইফালে মৃত্যুৰ সংখ্যা সন্দৰ্ভত মন্তব্য কৰি কংগ্ৰেছ সভাপতি অধীৰ ৰঞ্জন চৌধুৰীয়ে কয় যে বংগৰ মুৰ্চিদাবাদৰ পৰিস্থিতি উত্তেজনাপূৰ্ণ । লগতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক তেওঁ কেনে ধৰণৰ গণতন্ত্ৰ বিচাৰে বুলিও প্ৰশ্ন কৰে । তেওঁ অভিযোগ কৰে যে মমতাৰ হাত ৰক্তৰে ৰঞ্জিত হৈ আছে ।