অসম

assam

Paracetamol during pregnancy: গৰ্ভাৱস্থাৰ সময়ত Paracetamol গ্ৰহণ কৰাটো নিৰাপদ নে ? জানি লওক গৱেষণাই কি কয়

By

Published : Jul 21, 2023, 5:10 PM IST

গৰ্ভাৱস্থাৰ সময়ত Paracetamol গ্ৰহণ কৰাটো নিৰাপদ নে ? গৰ্ভাৱস্থাত পেৰাচিটামল ব্যৱহাৰ কৰিলে শিশুৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে নেকি । চিকিৎসকৰ পৰামৰ্শ অবিহনে পেৰাচিটামল ব্যৱহাৰ কৰাটো মাতৃ তথা সন্তানৰ পক্ষে কেনে প্ৰভাৱ পেলাব পাৰে জানো আহক ।

Is paracetamol during pregnancy no particular danger for the child?
গৰ্ভাৱস্থাৰ সময়ত Paracetamol গ্ৰহণ কৰাটো নিৰাপদ নে

সাধাৰণতে দেখা যায় যে, জ্বৰ, মূৰৰ বিষ, শৰীৰৰ বিষ হ’লে আমি তৎক্ষণাত Paracetamol ঔষধ গ্ৰহণ কৰো যাৰ পিছত জ্বৰৰ পৰা আমি সকাহ লাভ কৰো । এই সময়ত আমি সাধাৰণতে জ্বৰৰ চিকিৎসাৰ বাবে Crocin, Paracetamol, Dolo, Sumo, Calpol আদি ঔষধ ব্যৱহাৰ কৰো । কিন্তু এই ঔষধৰ অত্যধিক ব্যৱহাৰে শৰীৰৰ বাবে সমস্যাৰ আৰু অধিক বৃদ্ধি কৰিব পাৰে ।

গৱেষণাৰ মতে, গৰ্ভাৱস্থাত পেৰাচিটামল ব্যৱহাৰ কৰিলে শিশুৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে । গৰ্ভৱতী মহিলাই পেৰাচিটামল গ্ৰহণ কৰিব নালাগে । গৰ্ভাৱস্থাত পেৰাচিটামল গ্ৰহণ কৰিলে গৰ্ভত ভ্ৰুণৰ বিকাশত অস্বাভাৱিকতা আহিব পাৰে ।

এক প্ৰতিবেদন অনুসৰি পেৰাচিটামলৰ ব্যৱহাৰৰ বাবে ই শিশুৰ বিকাশত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায় । ইয়াৰ প্ৰভাৱে শিশুৰ স্নায়ু বিকাশ, প্ৰজনন আৰু ইউৰ’লজিকেল বিকাৰৰ সৃষ্টি কৰিব পাৰে । গৱেষণাৰ পৰা দেখা গৈছে যে গৰ্ভৱতী মহিলাই গৰ্ভাৱস্থাৰ আৰম্ভণিতে সাৱধান হ’ব লাগে । গৰ্ভৱতী মহিলাই পেৰাচিটামল ব্যৱহাৰ বন্ধ কৰিব লাগে । চিকিৎসকৰ পৰামৰ্শ নোহোৱাকৈ Paracetamol গ্ৰহণ কৰিব নালাগে । প্ৰয়োজন হ’লেও সীমিত পৰিমাণত সেৱন কৰিব লাগে ।

অধ্যয়নটোত কেইবাটাও গৱেষণাৰ উদ্ধৃতি দিয়া হৈছে, য’ত দেখা গৈছে যে গৰ্ভাৱস্থাত পেৰাচিটামল ব্যৱহাৰ কৰিলে শিশুৰ স্নায়ুজনিত বিকাৰৰ সৃষ্টি হয়। ছোৱালীৰ অটিজিম, ভাষাৰ সমস্যা আৰু বুদ্ধিমত্তা কম হোৱাৰ কথা পূৰ্বেও প্ৰকাশ পাইছে । সংবাদ মাধ্যমত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি গৰ্ভাৱস্থাত পেৰাচিটামলৰ অত্যধিক ব্যৱহাৰে আপোনাৰ গৰ্ভস্থ শিশুৰ বাবে বহু সমস্যাৰ সৃষ্টি কৰিব পাৰে । ইয়াৰ ফলত শিশুৰ এডিএইচডি হ’ব পাৰে । পেৰাচিটামলৰ পাৰ্শ্বক্ৰিয়াৰ প্ৰতি লক্ষ্য ৰাখি গৱেষকসকলে মাতৃ হ’বলৈ ওলোৱা মহিলাসকলক জটিল পৰিস্থিতিত চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে পেৰাচিটামল ব্যৱহাৰ কৰিবলৈ সকীয়াই দিছে ।

সংবাদ মাধ্যমত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি কোপেনহেগেন বিশ্ববিদ্যালয়ৰ ডাঃ কেভিন ক্রিষ্টেনচেনে মানুহ আৰু জীৱ-জন্তুৰ ওপৰত পেৰাচিটামলৰ প্ৰভাৱৰ ওপৰত এই অধ্যয়ন চলাইছিল । ইয়াত ১৯৯৫ চনৰ পৰা ২০২০ চনলৈকে তথ্যৰ ভিত্তিত দেখা গৈছে যে গৰ্ভাৱস্থাত পেৰাচিটামলৰ ব্যৱহাৰে শিশুৰ মানসিক ক্ষমতাত প্ৰভাৱ পেলায় আৰু তেওঁলোকৰ শিক্ষণ ক্ষমতাত প্ৰভাৱ পেলায় । গৱেষণাৰ পৰা এয়াও দেখা গৈছিল যে পেৰাচিটামলৰ ব্যৱহাৰে শিশুৰ প্ৰজনন আৰু মূত্ৰনলীৰ বিকাৰৰ সৃষ্টি কৰিব পাৰে । কিছুমান ক্ষেত্ৰত অণ্ডকোষৰ কৰ্কট ৰোগৰো আশংকা থাকে ।

অস্বীকৃতি (DISCLAIMER): ওপৰৰ সকলো বিৱৰণ কেৱল সাধাৰণ তথ্যৰ ওপৰত ভিত্তি কৰিহে দিয়া হৈছে । কোনো স্বাস্থ্যজনিত সমস্যাৰ বাবে যিকোনো খাদ্য বা পৰিপূৰক গ্ৰহণ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক ।

লগতে পঢ়ক:Thyroid Diseases in Women: হঠাৎ ওজন বৃদ্ধি হোৱাটো থাইৰয়ড ৰোগৰ লক্ষণ, আপোনাৰো আছে নেকি এই সমস্যা ?

For All Latest Updates

TAGGED:

Paracetamol

ABOUT THE AUTHOR

...view details