বৰ্তমান সময়ত জণ্ডিচক(Jaundice) সাধাৰণ ৰোগ বুলি গণ্য কৰা হয় । তেজ আৰু শৰীৰৰ কোষকলাত বিলিৰুবিন নামৰ পদাৰ্থ জমা হোৱাৰ ফলত হয় । বিলিৰুবিনৰ তেজৰ পৰা যকৃতলৈ আৰু শৰীৰৰ বাহিৰলৈ যোৱাত বাধাৰ সৃষ্টি কৰা যিকোনো অৱস্থাই জণ্ডিচ হ’ব পাৰে । বিলিৰুবিন হৈছে হালধীয়া ৰঙৰ ৰঞ্জক পদাৰ্থ, যিটো যকৃতৰ মৃত ৰক্তকণিকা (RBC) ভাঙি গঢ় লৈ উঠে । জণ্ডিচৰ লক্ষণসমূহ(Symptoms of jaundice) মূলতঃ চকু আৰু শৰীৰৰ ছাল হালধীয়া হোৱা, শৰীৰত খজুৱতি হোৱা ।
নেশ্যনেল ইনষ্টিটিউট অৱ কমিউনিকেবল ডিজিজ (National Institute of Communicable Diseases, NICD)য়ে কৰা অধ্যয়নে দেখুৱাইছে যে, জণ্ডিচ ভাৰতৰ এটা প্ৰধান সমস্যা । কিন্তু সাধাৰণতে সজাগতাৰ অভাৱত যিকোনো ৰোগে মাৰাত্মক ৰূপ ধাৰণ কৰিব পাৰে । জণ্ডিচৰ প্ৰেক্ষাপটত আজি জণ্ডিচে সাধাৰণতে প্ৰতিটো বয়সৰ আৰু প্ৰতিটো শ্ৰেণীৰ লোকক নিজৰ নিয়ন্ত্ৰণত লৈ গৈছে(jaundice causes) ।
- সজাগতাৰ অভাৱ
সজাগতাৰ অভাৱত জণ্ডিচে পাহাৰীয়া অঞ্চলত বৃদ্ধি পাবলৈ ধৰিছে । জণ্ডিচ হ’লে গ্ৰাম্য জনগোষ্ঠীসমূহে চিকিৎসালয়লৈ নাযায় আৰু ওচৰৰ জৰা-ফুকাৰ ওপৰত নিৰ্ভৰশীল । কেৱল এয়াই নহয়, এনে নিৰ্ভৰশীলতা শিক্ষিত লোকৰ ক্ষেত্ৰতো দেখা যায়, যিসকলে চহৰত থাকিও জৰা-ফুকাৰ আশ্ৰয় লয়(Exorcism promoting jaundice) ৷
- নিচাজাতীয় দ্ৰব্যৰ কবলত পাহাৰীয়া সম্প্ৰদায়