নেশ্যনেল ডেস্ক,২৩ ছেপ্টেম্বৰ :কানাডাৰ ভূমিত খালিস্তানী সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জাৰ হত্যাক লৈ ভাৰত আৰু কানাডাৰ মাজত কূটনৈতিক বিবাদৰ মাজতে কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ সমৰ্থনত একাংশ লোক সমদলৰ আয়োজন কৰিছে । খবৰ অনুসৰি ব্ৰিটিছ কলম্বিয়াৰ চাৰেত অনুষ্ঠিত হ'বলগীয়া সমদলটোৰ নেতৃত্ব দিছে ৰাহত ৰাও নামৰ এজন লোকে । তেওঁক পাকিস্তানৰ আন্তঃ-সেৱা চোৰাংচোৱা (আইএছআই)ৰ অতি ঘনিষ্ঠ বুলি ধাৰণা কৰা হৈছে ।
অহা বছৰ ভাৰতত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'ব । যাৰ বাবে নতুন দিল্লীৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় চাপ বৃদ্ধি কৰিবলৈ আইএছআইয়ে বিদেশত সকলো মডিউল আৰু নোড পুনৰ সক্ৰিয় কৰি আছে বুলিও বিশেষজ্ঞসকলে সন্দেহ কৰে । চাৰেৰ এটা গুৰুদ্বাৰাৰ পাৰ্কিঙত জুনত নিজ্জাৰ হত্যাত নতুন দিল্লী জড়িত থকাৰ কানাডাৰ প্ৰধানমন্ত্ৰীৰ অভিযোগৰ পৰা আৰম্ভ হোৱা কূটনৈতিক অৱনতিৰ পৰিপ্ৰেক্ষিততে চাৰেত এই সমদলটোৰ আয়োজন কৰা হৈছে ।
ভূ-ৰাজনীতি আৰু নিৰাপত্তা বিষয়ত উছানাছ ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া অভিনৱ পাণ্ডেয়ে ইটিভি ভাৰতক কয় যে কে২কে (কাশ্মীৰৰ পৰা খালিস্তানলৈ) প্ৰকল্পটো ভাৰতক বিভক্ত কৰাৰ আইএছআইৰ বিস্তৃত কাৰ্যসূচীৰ এক মুখ্য অংশ । ইয়াৰ অংশ হিচাপে, আইএছআইয়ে কানাডাত এক সম্পূৰ্ণ প্ৰক্সি সৃষ্টি কৰিছে । তেওঁলোকে খালিস্তান আৰু কাশ্মীৰ সমস্যাসমূহ একত্ৰিত কৰিব বিচাৰে বুলি অভিনৱ পাণ্ডেয়ে উল্লেখ কৰে ।
পাণ্ডেয়ে লগতে কয় যে কানাডাত পাকিস্তানে ইতিমধ্যে চৰকাৰী যন্ত্ৰপাতিত প্ৰৱেশ কৰিছে আৰু গভীৰভাৱে শিপাইছে । এই সন্দৰ্ভত তেওঁ ২০২০ চনত কানাডাত ৰহস্যজনক পৰিস্থিতিত মৃত অৱস্থাত উদ্ধাৰ হোৱা বেলুচ মানৱ অধিকাৰ কৰ্মী কৰিমা বালোচৰ ঘটনাৰ কথা উল্লেখ কৰে । তেওঁ বেলুচিস্তান প্ৰদেশত মানৱ অধিকাৰ উলংঘনৰ ওপৰত অসন্তুষ্টিৰ শক্তিশালী কণ্ঠস্বৰৰ বাবে জনাজাত আছিল ।
বালোচক শেষবাৰৰ বাবে ২০২০ চনৰ ২০ ডিচেম্বৰত জীৱিত অৱস্থাত দেখা গৈছিল । ২২ ডিচেম্বৰত তেওঁৰ মৃতদেহ টৰণ্টো ৱাটাৰ ফ্ৰণ্টত পোৱা গৈছিল । টৰণ্টো আৰক্ষীয়ে প্ৰথমতে জনাইছিল যে তেওঁৰ মৃতদেহ অণ্টাৰিঅ' হ্ৰদৰ ওচৰত পোৱা গৈছিল । তেওঁৰ মৃত্যুত আইএছআই জড়িত থকাৰো সন্দেহ কৰা হয় ।
তেওঁৰ মৃত্যুৰ তদন্তৰ দাবীত বেলুচিস্তান আৰু কানাডাত প্ৰতিবাদ হৈছিল । এই সন্দৰ্ভত কানাডাৰ সংখ্যালঘু গোটে এক যুটীয়া বিবৃতিও জাৰি কৰিছিল । কানাডিয়ান আৰক্ষীয়ে বালোচৰ মৃত্যুক লৈ উদ্বেগ প্ৰকাশ কৰিছিল যদিও হত্যাৰ কোনো প্ৰমাণ পোৱা নাছিল । কিন্তু আইএছআই জড়িত থকাৰ সন্দেহ থাকি গ'ল ।
নিষিদ্ধ শিখছ ফৰ জাষ্টিছ খালিস্তানী গোটৰ নেতা গুৰপতৱন্ত সিং পান্নু আইএছআইৰ ঘনিষ্ঠ বুলি উল্লেখ কৰি অভিনৱ পাণ্ডেয়ে কয় যে ভাৰতত নিৰ্বাচনৰ পূৰ্বে পাকিস্তানে খলিস্তানী বিচ্ছিন্নতাবাদীসকলৰ বাবে সক্ৰিয়ভাৱে পুঁজি সংগঠিত কৰি আছে । তেওঁলোকে জম্মু অঞ্চলত পুনৰ অনুপ্ৰৱেশ আৰম্ভ কৰিছে আৰু ভাৰতত খালিস্তান সমস্যাটো পুনৰুজ্জীৱিত কৰিবলৈ পাঞ্জাৱত ড্ৰোণৰ জৰিয়তে অস্ত্ৰ সৰবৰাহৰ চেষ্টা কৰিছে ।
সেয়েহে, কানাডাৰ চাৰেত প্ৰধানমন্ত্ৰী জাষ্টিনৰ সমৰ্থনত আয়োজন কৰা সমদলটোৰ আঁৰত আইএছআই জড়িত থকাৰ সন্দেহ কৰা হৈছে । পাণ্ডেয়ে কয় যে নিৰ্বাচনৰ পূৰ্বে ভাৰতৰ ওপৰত আন্তৰ্জাতিক কূটনৈতিক আৰু নাগৰিক সমাজৰ চাপ বৃদ্ধি কৰিবলৈ আইএছআইয়ে সকলো ধৰণৰ প্ৰৱঞ্চনাৰ আশ্ৰয় ল'ব । তেওঁলোকে ভাৰতত উগ্ৰবাদ আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপ তীব্ৰতৰ কৰি তুলিছে । তেওঁলোকে ভাৰতত সাম্প্ৰদায়িক আবেগ আৰু হিংসা আৰম্ভ কৰিবলৈ চেষ্টা কৰি আছে । তেওঁলোকে মণিপুৰৰ পৰিস্থিতিকে ধৰি ভাৰতৰ সকলো উদ্বেগজনক ঘটনা ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰি আছে বুলিও পাণ্ডেয়ে অভিযোগ কৰে ।
লগতে পঢ়ক :India Canada clashes : হিন্দুসকলক উদ্দেশ্যি ঘৃণামূলক মন্তব্য, কানাডাৰ বিৰোধী নেতাৰ তীব্ৰ গৰিহণা