অসম

assam

By

Published : Jun 24, 2023, 8:55 PM IST

ETV Bharat / bharat

Manipur Violence: মণিপুৰক কাশ্মীৰলৈ পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিছে নেকি কেন্দ্ৰই ? প্ৰশ্ন তৃণমূল কংগ্ৰেছৰ

মণিপুৰৰ সমস্যাক লৈ বিবৃতি প্ৰকাশ তৃণমূল কংগ্ৰেছৰ ৷ ৰাজ্যখনলৈ শান্তি ঘূৰাই আনিবলৈ কেন্দ্ৰক শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী ৷

Etv Bharat
Etv Bharat

নেশ্যনেল ডেস্ক, 24 জুন: মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত শনিবাৰে গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত হয় সৰ্বদলীয় বৈঠক ৷ এই বৈঠকৰত অহা এসপ্তাহৰ ভিতৰত হিংসাপীড়িত ৰাজ্যখনলৈ এটা সৰ্বদলীয় প্ৰতিনিধি দল প্ৰেৰণ কৰাৰ দাবী জনায় তৃণমূল কংগ্ৰেছে ৷ মণিপুৰক কাশ্মীৰলৈ পৰিণত কৰিবলৈ কেন্দ্ৰই চেষ্টা কৰিছে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে তৃণমূল কংগ্ৰেছে ৷

টিএমচিৰ ৰাজ্যসভাৰ সাংসদ ডেৰেক অ'ব্ৰায়েনে প্ৰতিনিধিত্ব কৰা সৰ্বদলীয় বৈঠকৰ এক বিবৃতিত মমতা বেনাৰ্জীৰ দলে কেন্দ্ৰক মণিপুৰৰ জনসাধাৰণৰ প্ৰয়োজনীয়তা ‘উপেক্ষা’ কৰাৰ অভিযোগ উত্থাপন কৰে ৷ বৈঠকখনত বিজেপি, কংগ্ৰেছ, টিএমচি, বাওঁপন্থী দলকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে অংশগ্ৰহণ কৰে ৷

উল্লেখ্য যে তৃণমূল কংগ্ৰেছে বিবৃতিটোত মণিপুৰত সংঘটিত হোৱা ঘটনাবোৰ ক্ৰমান্বয়ে উল্লেখ কৰা হয় ৷ মণিপুৰক বিশ্বাসঘাতক কৰাৰ লগতে মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ শোচনীয়ভাৱে বিফল হোৱা বুলি বিবৃতিটোত উল্লেখ কৰে তৃণমূল কংগ্ৰেছে ৷

বিবৃতিত দলটোৱে উল্লেখ কৰা অনুসৰি, ‘‘যেতিয়া মণিপুৰ জ্বলে, অসম প্ৰভাৱিত হয়, মেঘালয় প্ৰভাৱিত হয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল প্ৰভাৱিত হয় ৷ সমগ্ৰ ৰাষ্ট্ৰ এতিয়া প্ৰভাৱিত হৈছে ৷ কেন্দ্ৰীয় চৰকাৰে মণিপুৰক কাশ্মীৰলৈ পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিছে নেকি ? ’’

বিবৃতিটোত লগতে কোৱা হয়, ‘‘4,000 তকৈও অধিক ঘৰ আক্ৰমণ আৰু ধ্বংস কৰা হৈছে, 60,000 লোক স্থানচ্যুত হৈছে আৰু ৰাজ্যজুৰি 50 দিনৰ অধিক সময়ৰ বাবে উচ্চতম ন্যায়ালয়ৰ ৰায় উলংঘা কৰি ইণ্টাৰনেট সেৱা স্থগিত ৰখা হৈছে ৷’’ গৃহমন্ত্ৰী অমিত শ্বাহৰ মণিপুৰ ভ্ৰমণ যথেষ্ট পলম হোৱা বুলিও অভিযোগ উত্থাপন কৰে তৃণমূল কংগ্ৰেছে ৷

লগতে মণিপুৰলৈ স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে কেন্দ্ৰক শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱাৰ লগতে এসপ্তাহৰ ভিতৰত এটা সৰ্বদলীয় প্ৰতিনিধি দল মণিপুৰলৈ প্ৰেৰণ কৰাৰ বাবেও দাবী উত্থাপন কৰে ৷

লগতে পঢ়ক:Manipur violence : মণিপুৰৰ পৰিস্থিতিক লৈ দিল্লীত সৰ্বদলীয় বৈঠক

ABOUT THE AUTHOR

...view details