ত্ৰিপুৰা, 19 মে’: ত্ৰিপুৰাৰ এ.এম.চি. এলেকাবোৰত 24 ঘণ্টাজোৰা কৰ’ণা কাৰ্ফিউ জাৰি কৰাৰ লগে লগে খোৱা তেলৰ মূল্য অযুক্তিকৰভাৱে বৃদ্ধি পাইছে ৷ শেহতীয়াকৈ প্ৰতি লিটাৰ খোৱা তেলৰ দাম ১০ ৰ পৰা ২০ টকালৈ বৃদ্ধি পাইছে ৷ ফলস্বৰূপে, জনসাধাৰণৰ বাজেটত ইয়াৰ ব্য়াপক প্ৰভাৱ পৰিছে । সূত্ৰ অনুসৰি সাধাৰণ ৰাইজৰ অসহায় অৱস্থাৰ সুযোগ গ্ৰহণ কৰি সহজ পথেৰে ধন উপাৰ্জন কৰাৰ বাবে একাংশই এনে অনুচিত উপায়ৰ আশ্ৰয় লৈছে ।
এফালে কোম্পেনী সমূহে এমআৰপি বৃদ্ধি কৰি আছে আৰু আন একাংশ দুষ্ট-চক্ৰই কৃত্ৰিমভাৱে বৃদ্ধি কৰিছে খোৱা তেলৰ মূল্য । আনকি এনে কিছুমান ঘটনাও সংঘটিত হৈছে য'ত কোনো বৈধ বাণিজ্যিক অনুজ্ঞাপত্ৰ বা জিএছটি নামভৰ্তি নথকা লোকেও তেলৰ কাৰ্টুনৰ অবৈধ সংৰক্ষণ কৰিছে ।
সূত্ৰ অনুসৰি বৰ্তমানে বিষয়টো খাদ্য বিভাগৰ লগতে বাণিজ্য সংস্থাসমূহৰো দৃষ্টিগোচৰ কৰা হৈছে ৷ মঙলবাৰে মহাৰাজ গাঞ্জা বজাৰ এলেকাত হোৱা এক অভিযানত খাদ্য বিভাগৰ বিষয়াসকলে খোৱা তেলৰ মুখ্য ষ্টকিষ্টসকলৰ গুদামত তালাচী চলাইছিল ।