নেশ্যনেল ডেস্ক, ১৯ ছেপ্টেম্বৰ :শনিবাৰৰ পৰা পুনৰ আৰম্ভ হৈছে চাৰ ধাম যাত্ৰা ৷ লগে লগে দেশ-বিদেশৰ ভক্তৰ আগমন ঘটিছে উক্ত ধৰ্মীয় স্থানসমূহলৈ । ভক্তসকলৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰে'লৱে কেটাৰিং এণ্ড টুৰিজিম কৰ্প’ৰেশ্যনে (IRCTC) আৰম্ভ কৰিছে বিশেষ ৰে’লসেৱা ।
যাত্ৰী তথা ভক্তৰ সুবিধাৰ্থে Dekho Apna Desh শীৰ্ষক বিশেষ ডিলাক্স এচি পৰ্যটক ৰে’লৰ আৰম্ভ কৰিছে ভাৰতীয় ৰে’ল বিভাগে । ইয়াৰ পূৰ্বে সফলতাৰে শ্ৰীৰামায়ণ যাত্ৰা (Shri Ramayana Yatra) নামেৰে বিশেষ ৰে’লৰ ব্যৱস্থা কৰা হৈছিল ৷ শনিবাৰে এই ১৬ দিনীয়া তীৰ্থযাত্ৰা দিল্লীৰ চফদৰজং ৰে’ল ষ্টেচনৰ পৰা আৰম্ভ হৈছে ।
এই যাত্ৰাত গংগাঘাটকে ধৰি হৰিদ্বাৰ, ঋষিকেশ, লক্ষ্মণঝুলা আৰু ত্ৰিবেণী ঘাট, ৰামজনম ভূমি, হনুমান গড়ী, সৰজু আৰতী আৰু নন্দীগ্ৰাম, বাৰাণসী, কাশীৰ বিশ্বনাথ মন্দিৰ, পুৰীৰ জগন্নাথ মন্দিৰ, গোল্ডেন সমুদ্ৰতীৰ, কোণাৰ্ক সূৰ্য মন্দিৰ আৰু চন্দ্ৰভাগ বীচ, ৰামনাথস্বামী মন্দিৰ আৰু ধনুষকোডি, দ্বাৰকাকে ধৰি দ্বাৰকাধীশ মন্দিৰ, নাগেশ্বৰ জ্যোতিৰ্লিংগ, শিৱৰাজপুৰ সমুদ্ৰতীৰ আৰু বেট দ্বাৰকা আদিকে ধৰি কেইবাখনো ধৰ্মীয় স্থান সন্নিৱিষ্ট কৰা হৈছে ।