অসম

assam

ETV Bharat / bharat

Iraqi new PM nominated: ইৰাকৰ প্ৰধানমন্ত্ৰী ৰূপে মনোনীত মহম্মদ ছিয়া আল চুডানী

ছাড্ৰিষ্ট আন্দোলনত ছিয়া ধৰ্মগুৰু মোকতাদা আল-সদৰৰ নেতৃত্বত তেওঁৰ অনুগামীসকলক সংসদ প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছত এক ৰাজনৈতিক অচলাস্থাৰ সৃষ্টি হৈছিল । অৱশ্যে এই অচলাস্থা অৱসানৰ দিশে আগবাঢ়িছে । কাৰণ ইৰাকী সংসদৰ ছিয়া ৰাজনৈতিক গোটসমূহে চৰকাৰ গঠনত ব্যৰ্থ হোৱাৰ কেইমাহমান পিছত মহম্মদ ছিয়া আল-চুডানীক প্ৰধানমন্ত্ৰী পদৰ বাবে মনোনীত কৰিছে(Iraqi parliament nominated MohammedShia al Sudanifor Prime Minister)।

By

Published : Jul 26, 2022, 1:38 PM IST

Iraqi new PM
ইৰাকৰ প্ৰধানমন্ত্ৰী ৰূপে মনোনীত মহম্মদ ছিয়া আল-চুডানী

ইন্টাৰনেচনেল ডেস্ক ,২৬জুলাই:ইৰাকৰ ৰাজনৈতিক অচলাস্থাৰ অৱসানৰ দিশে আগবাঢ়িছে । কাৰণ ইৰাকী সংসদৰ ছিয়া ৰাজনৈতিক গোটসমূহে চৰকাৰ গঠনত ব্যৰ্থ হোৱাৰ কেইমাহমান পিছত মহম্মদ ছিয়া আল-চুডানীক প্ৰধানমন্ত্ৰী পদৰ বাবে মনোনীত কৰিছে(Iraqi parliament nominated MohammedShia al SudaniforPrime Ministe)। ছিয়া সংসদীয় দলসমূহৰ গোটৰ মিত্ৰজোঁটে সোমবাৰে এক বিবৃতিত উল্লেখ কৰে যে এখন বৈঠকৰ পিছত মহম্মদ ছিয়া আল-চুডানীক প্ৰধানমন্ত্ৰী পদৰ বাবে মনোনীত কৰা হৈছে । মিত্ৰজোঁটৰ দলসমূহৰ নেতাসকলে সৰ্বসন্মতিক্ৰমে আল-চুদানীক এই পদৰ বাবে মনোনীত কৰাৰ লগে লগে এই সমস্য়া সমাধানৰ দিশে আগবাঢ়িছে ।

উল্লেখ্য় যে ২০২১ চনৰ ১০ অক্টোবৰত অনুষ্ঠিত নিৰ্বাচনত ছাড্ৰিষ্ট আন্দোলনত ছিয়া ধৰ্মগুৰু মোকতাদা আল-সদৰৰ নেতৃত্বত তেওঁৰ অনুগামীসকলে ৭৩ খন আসন লাভ কৰিছিল । ছাড্ৰিষ্ট আন্দোলন হৈছে মুকতাদা আল-সদৰৰ নেতৃত্বত হোৱা এক ইৰাকী ইছলামিক ৰাষ্ট্ৰীয় আন্দোলন(Sadrist Movement of Iraq)। এই আন্দোলনে সমগ্ৰ ইৰাকী সমাজৰ পৰা ব্যাপক সমৰ্থন লাভ কৰিছিল । পিছে কোনো কাৰণত ছিয়া ধৰ্মগুৰু মোকতাদা আল-সদৰে সংসদৰ পৰা ৭৩ গৰাকী সাংসদক প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছত সংসদীয় দলসমূহৰ গোটৰ মিত্ৰজোঁটে ইৰাকী সংসদৰ গৰিষ্ঠ সংখ্য়ক আসনৰ অধিকাৰী হৈ পৰে । ইপিনে, যোৱা কেইমাহমানৰ ভিতৰত ছিয়া দলসমূহৰ মাজত অব্যাহত থকা বিবাদে নতুন ইৰাকী চৰকাৰ গঠনত ব্য়াঘাত জন্মায়; কিয়নো দেশৰ সংবিধানৰ অধীনত ৩২৯ খন আসনেৰে সংসদৰ দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰে নতুন ৰাষ্ট্ৰপতি নিৰ্বাচিত কৰিবলৈ সক্ষম হোৱা নাই ।

ইপিনে, ২০০৩ চনৰ পিছত ইৰাকত ক্ষমতা ভাগ-বতোৱাৰা অনুসৰি ৰাষ্ট্ৰপতি পদ কুৰ্দসকলৰ বাবে সংৰক্ষিত ৰাখিব লাগে । আনহাতে, চুন্নীসকলৰ বাবে অধ্যক্ষৰ পদ আৰু ছিয়াসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ পদ সংৰক্ষণ কৰা হৈছে । অৱশ্যে ৰাষ্ট্ৰপতি পদৰ বাবে নতুন প্ৰাৰ্থী মনোনয়নক লৈ মুখ্য কুৰ্দিছ দলসমূহ পেট্ৰিয়াটিক ইউনিয়ন অৱ কুৰ্দিস্তান আৰু কুৰ্দিস্তান ডেম'ক্ৰেটিক পাৰ্টিৰ মাজত বিবাদ অব্যাহত আছে ।

লগতে পঢ়ক:Management in Ordnance Services: দেশৰ সামৰিক-অৰ্ধসামৰিক বাহিনীৰ প্ৰয়োজনীয়তা পূৰণত ব্যৰ্থ ডিফেন্স অৰ্ডনেন্স ডিপো

ABOUT THE AUTHOR

...view details