তেজপুৰ, 10 মে’ : বিগত কিছুদিনৰ তুলনাত মঙলবাৰৰ দিনটোত মণিপুৰৰ পৰিস্থিতি তুলনামূলকভাৱে শান্তিপূৰ্ণ - মঙলবাৰে এক সংবাদমেলৰ আয়োজন কৰি মণিপুৰৰ তথ্য আৰু জনসংযোগ মন্ত্ৰী ড° সপম ৰঞ্জন সিঙে ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত এই বক্তব্য আগবঢ়ায় ৷ মঙলবাৰে ডি আই পি আৰ প্ৰেক্ষাগৃহত এখন সংবাদমেল সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনত হিংসাত্মক ঘটনা সংঘটিত হোৱা চুৰাচান্দপুৰ, কাংপোকপি, টেঙনৌপাল, ইম্ফল, ননে আৰু সেনাপতি জিলাৰ পৰা মুঠ প্ৰায় 6000 লোকক নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে বুলি উল্লেখ কৰে (Manipur IPR Minister Press Conferance)।
বৰ্তমানলৈকে মুঠ 26000 লোকক নিৰাপদে স্ব-গৃহলৈ পথিয়াবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ মূলতঃ অন্যান্য ৰাজ্যৰ 1930 গৰাকী শিক্ষাৰ্থীক চৰকাৰে নিৰাপদে ঘৰলৈ পথিয়াবলৈ সক্ষম হৈছে বুলি জানিবলৈ দিয়ে ৷ ঘাইপথত দুই-এক বিচ্ছিন্ন ঘটনাৰ বাহিৰে বাকী ক’তো হিংসা আৰু অগ্নিসংযোগৰ খবৰ পোৱা হোৱা নাই বুলি উল্লেখ কৰি বিগত কিছুদিনৰ তুলনাত 9 মে’ৰ দিনটোত মণিপুৰৰ পৰিস্থিতি তুলনামূলকভাৱে শান্তিপূৰ্ণ বুলি কয় (Rescue operation in Manipur) ৷
জনসংযোগ মন্ত্ৰীগৰাকীয়ে বৰ্তমান সময়ত মাত্ৰ 4000 মান স্থানচ্যুত লোকেহে বিভিন্ন সাহায্য শিবিৰত আশ্ৰয় লৈ আছে আৰু তেওঁলোকক নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা আৰু যাৱতীয় মানসিক পৰামৰ্শ দি থকা হৈছে বুলি জানিবলৈ দিয়ে । ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য সামগ্ৰী যোগান ধৰাৰ কথাও উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনৰ পৰিস্থিতি উন্নত হোৱাৰ লগে লগে সান্ধ্য আইন শিথিলৰ সময়সীমাও 4-5 ঘণ্টা পৰ্যন্ত বৃদ্ধি কৰা হৈছে । ঘৰকে ধৰি নিৰাপদ গন্তব্যস্থানলৈ মানুহক পঠিয়াই দিয়াৰ ফলতে এনে শিবিৰৰ সংখ্যা দিনক দিনে কমি আহিছে বুলিও মন্ত্ৰীগৰাকীয়ে লগতে কয় (Violence hit Manipur) ।