নেশ্যনেল ডেস্ক, ১৭ অক্টোবৰ :আই পি এল জুৱাৰ বিৰুদ্ধে ওড়িশা আৰক্ষীৰ বৃহৎ অভিযান । শনিবাৰে এক অভিযানৰ সময়ত আই পি এল জুৱাৰ ঘাটি উৎখাত কৰে । ৰাজ্যখনৰ মালকানগিৰি চহৰত আৰক্ষীয়ে এই অভিযান চলাই চাৰিজন আটক কৰাৰ লগতে 27 লাখ টকা জব্দ কৰে ।
মালকানগিৰিৰ শীৰ্ষ আৰক্ষী বিষয়াই জনোৱা মতে, চাৰিজন বুকীয়ে এই জুৱা চলাই থকাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে । তাৰ পাছতে তেওঁলোকৰ ঘৰত অভিযান চলাই ৯ লাখ টকা উদ্ধাৰ কৰে ৷ পৰৱৰ্তী সময়ত অনলাইন লেনদেনৰ বাবে ব্যৱহৃত বেংক একাউণ্টত থকা ১৮ লাখ টকা লাভ কৰে আৰক্ষীয়ে ৷ ইয়াৰ উপৰিও আৰক্ষীয়ে দলটোৰ পৰা সাতটা ম'বাইল, এটিএম কাৰ্ড, বেংকৰ পাছবুক আৰু অন্যান্য নথিপত্ৰ জব্দ কৰে ।