অসম

assam

ETV Bharat / bharat

আইপিএলৰ বাবে চেন্নাইয়ে আৰম্ভ কৰিলে অনুশীলন - আই পি এলৰ তিনিবাৰৰ চেম্পিয়ন

14 তম সংস্কৰণৰ বাবে আইপিএলৰ তিনিবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছে চেন্নাইত আৰম্ভ কৰিছে অনুশীলন ৷ এম এছ ধোনীৰ বাবে ফিল্ডিং প্ৰশিক্ষকে আগবঢ়ালে গুৰুত্বপূৰ্ণ মন্তব্য ৷

আইপিএলৰ বাবে চেন্নাইয়ে আৰম্ভ কৰিলে অনুশীলন
আইপিএলৰ বাবে চেন্নাইয়ে আৰম্ভ কৰিলে অনুশীলন

By

Published : Mar 16, 2021, 5:58 PM IST

নেচনেল ডেক্স,16 মাৰ্চঃ 14 তম সংস্কৰণৰ বাবে আই পি এলৰ তিনিবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছে চেন্নাইত আৰম্ভ কৰিছে অনুশীলন ৷ এম এছ ধোনী, আম্বাতী ৰাইডুকে ধৰি আন বহুতো চিএছকে-ৰ খেলুৱৈ অনুশীলনত যোগদান কৰিছে ৷ ধোনীৰ ফিটনেচ সম্পৰ্কে চিএছকে-ৰ ফিল্ডিং প্ৰশিক্ষক ৰাজীৱ কুমাৰে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ এম এছ ধোনী এজন অত্যন্ত স্মাৰ্ট খেলুৱৈ, তেওঁ নিজৰ শৰীৰক ভালকৈ বুজি পায় ৷ 40 বছৰীয়া খেলুৱৈয়ে বলটো ভালকৈ মূল্যায়ন কৰিব নোৱাৰে ৷

কিন্তু ধোনী ইয়াৰ সম্পূৰ্ণ ব্যতিক্ৰম ৷ আইপিএলৰ ১৪ তম সংস্কৰণৰ বাবে ধোনী তেওঁৰ খেলৰ পৰিকল্পনা লৈ ইতিমধ্যে সম্পূৰ্ণ কৰিছে ৷ উল্লেখ্য যে এমএছডিয়ে আইপিএল ২০২০ ত ১১৬.২৭ ৰ সাধাৰণ ষ্ট্ৰাইক হাৰত ২০০ ৰাণ সংগ্ৰহ কৰিছিল ৷

লগতে পঢ়কঃবিলাসীপাৰাত অশোক কুমাৰ সিংঘীৰ মনোনয়ন দাখিল

ABOUT THE AUTHOR

...view details