আগৰতলা, 7 নবেম্বৰ :ত্ৰিপুৰাৰ শাসনাধিষ্ঠিত বিজেপিৰ মিত্ৰজোঁটৰ অংশীদাৰ ইণ্ডিজেনাছ পিপলছ ফ্ৰণ্ট অৱ ত্ৰিপুৰা (আইপিএফটি)য়ে ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ বাবে 'পৃথক ৰাজ্য'ৰ দাবীত 'টিপ্ৰা'ৰ সৈতে যুটীয়াভাৱে দিল্লীত তেওঁলোকৰ গণ প্ৰদৰ্শন পুনৰ আৰম্ভ কৰিবলৈ সাজু হৈছে । যন্তৰ মন্তৰৰ সন্মুখত ১৭-১৮ নৱেম্বৰত এই গণ প্ৰদৰ্শন অনুষ্ঠিত হ'ব ৷
ত্ৰিপুৰাৰ ৰাজবংশী প্ৰদ্যুত কিশোৰ মণিক্য দেববাৰ্মাৰ নেতৃত্বত নতুনকৈ উঠি অহা আঞ্চলিক ৰাজনৈতিক দল টিপ্ৰাই শেহতীয়াকৈ অনুষ্ঠিত ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্তশাসিত জিলা পৰিষদৰ নিৰ্বাচনত জয়ী হৈছিল ৷ দেওবাৰে আবেলি এক সংবাদমেল সম্বোধন কৰি আইপিএফটিৰ সহকাৰী সাধাৰণ সম্পাদক মংগল দেববাৰ্মাই কয় যে, আইপিএফটিয়ে তেওঁলোকৰ আন্দোলন অব্যাহত ৰাখিব আৰু দিল্লীত 'টিপ্ৰালেণ্ড'ৰ দাবীত তেওঁলোকৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব ।