নিউজ ডেস্ক, 27 ছেপ্টেম্বৰ:প্ৰতিটো পৰিয়ালে এক স্থিৰ আৰু সবল অৰ্থনৈতিক স্থিতি বিচাৰে ৷ কিন্তু টনকিয়াল অৰ্থনৈতিক ব্যৱস্থাৰ বাবে পৰিয়ালটোৱে কেনেকৈ পৰিকল্পনা কৰে সেই সন্দৰ্ভতো যথেষ্ট নিৰ্ভৰ কৰে (Invest early and save enough)৷ আমি জীৱনধাৰণৰ মানদণ্ড উন্নত কৰিবলৈ লক্ষ্য নিৰ্ধাৰণ কৰাটো অত্যন্ত প্ৰয়োজনীয়, তেতিয়া ই আমাক লক্ষ্য প্ৰাপ্তিত সহায় কৰে (Save enough to avert impact of recession on your family) ৷
আমাৰ জীৱনৰ যিকোনো সমস্যা অনায়াসে অতিক্ৰম কৰিবলৈ এক সুস্থিৰ অৰ্থনৈতিক অৱস্থা থকাটো অতিকৈ গুৰুত্বপূৰ্ণ ৷ বিত্তীয় মন্দাৱস্থাৰ দৰে পৰিস্থিতিয়ে আমাৰ লক্ষ্য প্ৰাপ্তিত বিৰূপ প্ৰতিক্ৰিয়া পেলাব পাৰে ৷ সেইবাবেই এই অসুবিধাৰ পৰা আমাৰ পৰিয়ালক প্ৰতিহত কৰিবলৈ আমি প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰাটো আমাৰ মুখ্য দায়িত্ব ৷
শক্তিশালী বিত্তীয় অৱস্থাৰ বাবে আকাংক্ষিত এটা পৰিয়ালে ব্যয় নিয়ন্ত্ৰণ কৰিবলৈ শিকিব লাগে ৷ সুস্থিৰ বিত্তীয় অৱস্থাৰ বাবে নিজ প্ৰাপ্য দৰমহাৰ পৰা এক-তৃতীয়াংশ দৰমহা সঞ্চয় আৰু বিনিয়োগ কৰিবলৈ আৰম্ভ কৰিব লাগে ৷ সঞ্চয় কৰা অংশৰ বাকী থকা অংশহে ব্যয় কৰিব লাগে ৷ অৱশ্যে এটা পৰিয়ালৰ বাবে এইটো এটা প্ৰত্যাহ্বানমূলক কাৰ্য ৷
আপুনিও আপোনাৰ খৰচবোৰ ক্ৰমান্বয়ে তালিকাভুক্ত কৰা উচিত আৰু ইয়াৰ লগতে ক’ত অত্যাধিক ব্যয় হৈছে সেই দিশত গুৰুত্ব প্ৰদান কৰা উচিত ৷ এই প্ৰক্ৰিয়াই এটা পৰিয়ালৰ অপ্ৰয়োজনীয় খৰচ হ্ৰাস কৰাত সহায় কৰিব ৷ আমি আমাৰ বৰ্ধিত উপাৰ্জনৰ অনুপাতত আমাৰ সঞ্চয় বৃদ্ধি কৰা উচিত ৷
অৰ্থনৈতিক অৱস্থা সুস্থিৰ কৰিবলৈ আমি দীৰ্ঘম্যাদী বিনিয়োগ আৰম্ভ কৰিব লাগে ৷ সেইবাবে এটা পৰিয়ালে এক বিত্তীয় লক্ষ্য নিৰ্ধাৰণ কৰি সেই অনুসৰি পৰিকল্পনা কৰাটো অত্যন্ত দৰকাৰী ৷ উদাহৰণস্বৰূপে এগৰাকী 40 বছৰীয়া ব্যক্তিয়ে 70 ৰ পৰা 80 শতাংশ লৈকে বিনিয়োগ কৰিব পাৰে ।