অসম

assam

ETV Bharat / bharat

Red Corner Notice against Goldy Brar : গোল্ডি ব্ৰাৰৰ বিৰুদ্ধে ৰেড কৰ্ণাৰ জাননী - পাঞ্জাৱ আৰক্ষীয়ে গোল্ডি ব্ৰাৰৰ বিৰুদ্ধে ৰেড কৰ্ণাৰ জাননী বিচাৰিছিল

পাঞ্জাৱ আৰক্ষীয়ে গোল্ডি ব্ৰাৰৰ বিৰুদ্ধে ৰেড কৰ্ণাৰ জাননী বিচাৰিছিল । তাৰ পাছতে ইণ্টাৰপ'লে গোল্ডি ব্ৰাৰৰ বিৰুদ্ধে ৰেড কৰ্ণাৰ জাননী জাৰি কৰে (Red Corner Notice against Goldy Brar)। ইয়াৰ পূৰ্বে সিদ্ধু মুছেৱালাৰ হত্যাৰ দায়িত্ব স্বীকাৰ কৰিছিল সতীন্দৰজিৎ সিং ওৰফে গোল্ডি ব্ৰাৰে ।

Red Corner Notice against Goldy Brar
গোল্ডি ব্ৰাৰৰ বিৰুদ্ধে ৰেড কৰ্ণাৰ জাননী

By

Published : Jun 10, 2022, 1:08 PM IST

নেশ্যনেল ডেস্ক,১০ জুন :পাঞ্জাৱৰ কণ্ঠশিল্পী সিদ্ধু মুছেৱালাৰ হত্যাক লৈ দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈ আছে (Sidhu Moosewala murder case)। ইফালে চিবিআইৰ অনুৰোধৰ আঠ দিন পিছত মুছেৱালাৰ হত্যাৰ দায়িত্ব স্বীকাৰ কৰিছে সতীন্দৰজিৎ সিং ওৰফে গোল্ডি ব্ৰাৰে (Goldy Brar claimed to killed Moosewala)। এইবাৰ গোল্ডি ব্ৰাৰৰ বিৰুদ্ধে ৰেড কৰ্ণাৰ জাননী জাৰি কৰিলে ইণ্টাৰপ'লে (Red Corner Notice against Goldy Brar)। জানিব পৰা মতে ব্ৰাৰ বৰ্তমান কানাডাত বাস কৰি আছে ।

বিশেষ সূত্ৰই জনোৱা মতে ইয়াৰ পূৰ্বে পাঞ্জাৱ আৰক্ষীয়ে দুটা পুৰণি গোচৰ সন্দৰ্ভত ৩০ মে'ত ব্ৰাৰৰ বিৰুদ্ধে ৰেড কৰ্ণাৰ জাননী বিচাৰিছিল । পঞ্জাৱ আৰক্ষীয়ে জনোৱা মতে লৰেন্স বিষ্ণোই গেঙৰ সদস্য ব্ৰাৰ শ্ৰী মুক্তচৰ চাহিবৰ বাসিন্দা । ২০১৭ চনত ছাত্ৰ ভিছাৰ জৰিয়তে তেওঁ কানাডালৈ গৈছিল । অকালি যুৱ নেতা বিকি মিদ্দুখেৰাৰ হত্যাৰ প্ৰতিশোধ স্বৰূপে মুছেৱালাক হত্যা কৰা হৈছিল বুলি অভিযোগ কৰা হৈছে ।

পাঞ্জাৱ আৰক্ষীয়ে মঙলবাৰে কোৱা মতে ২৭ বছৰীয়া গায়কজনৰ নিৰ্মম হত্যাকাণ্ড সন্দৰ্ভত এতিয়ালৈকে আঠজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । চিবিআইয়ে কোৱা মতে পাঞ্জাৱ আৰক্ষীৰ অনুসন্ধান ব্যুৰ'ৰ পৰা ৩০ মে'ৰ দুপৰীয়া এটা ইমেইলৰ জৰিয়তে দুখন এফআইআৰত ব্ৰাৰৰ বিৰুদ্ধে ৰেড কৰ্ণাৰ জাননী জাৰী কৰিবলৈ বিচাৰিছিল । সেই জাননীৰ ভিত্তিত চিবিআইয়ে অনুৰোধ প্ৰেৰণ কৰিছিল ।

ৰেড কৰ্ণাৰ জাননীখনৰ দ্বাৰা ১৯৫ খন ইণ্টাৰপোল সদস্য দেশৰ প্ৰৱৰ্তনকাৰী সংস্থাসমূহক এজন পলাতকক বিচৰাৰ অনুৰোধ কৰা হয় আৰু আটক কৰিবলৈ সতৰ্ক কৰি দিয়া হয় । গোল্ডি ব্ৰাৰৰ বিৰুদ্ধে থকা গোচৰ দুটা হৈছে ফৰিদকোটৰ কাটাৰিয়া পেট্ৰ'ল পাম্পৰ গুলীবৰ্ষণ আৰু ২০২১ চনৰ ১৮ ফেব্ৰুৱাৰী তাৰিখে গুৰলাল সিঙৰ হত্যা সন্দৰ্ভত ৰুজু হোৱা গোচৰ ।

লগতে পঢ়ক :Threat letter to Salman Khan: পত্ৰযোগে ছলমান খানক হত্যাৰ ভাবুকি

ABOUT THE AUTHOR

...view details