নেশ্যনেল ডেস্ক,১ ডিচেম্বৰ :বিভিন্ন জল্পনা-কল্পনা আৰু তীব্ৰ আশংকাৰ মাজত অৱশেষত উদ্ধাৰকাৰী দলে ৪১ গৰাকীকৈ শ্ৰমিকক সুৰংগৰ ভিতৰৰ পৰা উলিয়াই আনিবলৈ সক্ষম হয় । ইমান সহজ নাছিল এই উদ্ধাৰ অভিযান । প্ৰথমৰ পৰাই উদ্ধাৰকাৰী দলে বহুতো অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিল । অৱশ্যে দলটো ভাগি পৰা নাছিল আৰু অধিক উৎসাহেৰে কাম কৰি থাকিল ।
অৱশেষত তেওঁলোকে এই অভিযানত সফলতা লাভ কৰিলে । ভাৰত আৰু বিদেশৰ বহু বিশেষজ্ঞ এই অভিযানত নিয়োজিত আছিল । তেওঁলোকৰ ভিতৰত অন্যতম আছিল আন্তৰ্জাতিক সুৰংগ বিশেষজ্ঞ আৰ্নল্ড ডিক্স । সমগ্ৰ উদ্ধাৰ অভিযানত তেওঁ সহযোগিতা আগবঢ়াইছিল । এই অভিযানত তেওঁৰ কামক সকলোৱে প্ৰশংসা কৰাও দেখা গৈছে ।
অভিযান সম্পূৰ্ণ হোৱাৰ পাচত অষ্ট্ৰেলিয়াৰ আন্তৰ্জাতিক সুৰংগ বিশেষজ্ঞ আৰ্নল্ড ডিক্সে কয় যে তেওঁ এতিয়া সন্তুষ্ট হৈছে । তেওঁৰ এতিয়া কোনো দৌৰাদৌৰি নাই । তেওঁ যথেষ্ট সুখী আৰু তেওঁ শেহতীয়াকৈ উদ্ধাৰ কৰা লোকসকলৰ সৈতে ভ্ৰমণ কৰাৰ কথাও উল্লেখ কৰে । ডিক্সৰ মতে যদি ৰাষ্ট্ৰীয় সংস্থাসমূহে সহযোগিতা নকৰিলেহেঁতেন তেন্তে তেওঁলোকে এই ফলাফল নাপালেহেঁতেন । উদ্ধাৰ অভিযানত জড়িত দলটো বৃহৎ আছিল যিয়ে সুৰংগটোৰ পৰা ৪১ গৰাকী শ্ৰমিকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।