নেশ্যনেল ডেস্ক, 18 জুন : এজন মানুহৰ মানসিক চাপ বা মানসিক অশান্তিয়ে ব্যক্তি গৰাকীৰ মনক প্ৰভাৱিত কৰিব পাৰে ৷ যিয়ে কোনো এজন ব্যক্তিক মনে পোনপটিয়াকৈ ভবা বা চিন্তা কৰাত বাধা প্ৰদান কৰে ৷ কেতিয়াবা কেতিয়াবা এই মানসিক অশান্তিয়ে এক ৰোগৰো ৰূপ ল’ব পাৰে ৷ সেয়ে এই ক্ষেত্ৰত সজাগতা বৃদ্ধি কৰিবলৈ লগতে উপযুক্ত বিশ্ৰাম আৰু নিজকে চাপমুক্ত কৰাৰ উপৰিও সুস্থিৰ বাতাবৰণ সৃষ্টি কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে 18 জুন তাৰিখে পালন কৰা হয় আন্তৰ্জাতিক শংকা দিৱস(International Panic Day) পালন কৰা হয় ।
শংকা লক্ষণ আৰু কাৰক সমূহ-
যেতিয়া কোনো এজন ব্যক্তিৰ মনত ভয় বা শংকাৰ উদ্বেগ হয়, তেতিয়াই শংকা(Panic)ই শৰীৰত বাহৰ পাতে ৷ যাক এক প্ৰকাৰে শংকা(Panic) ৰোগৰ দ্বাৰা আক্ৰান্ত(Panic attack) হোৱা বুলি ক’ব পাৰি ৷
ইয়াৰ ফলত এজন ব্যক্তিয়ে অসহায় অনুভৱ কৰাৰ লগতে আৰু অন্যান্য শাৰীৰিক লক্ষণ যেনে হৃদস্পন্দনৰ হাৰ দ্ৰুত হোৱা, উশাহ লোৱাত কিছু সমস্যা, ঘাম ওলোৱা ইত্যাদি কাৰকে শৰীৰত দেখা দিব পাৰে ৷
যেতিয়া এই শংকাৰ লক্ষণৰ(Panic attack)ৰ পুনৰাবৃত্তি হয়, তেতিয়া এজন ব্যক্তি Panic Disorderৰ চিকাৰ হ'ব পাৰে ।
আতংকৰ লক্ষণবোৰ হৈছে:
1. হৃদস্পন্দনৰ গতি বৃদ্ধি বা অনিয়মীয়া হৃদস্পন্দন(Pounding heart or irregular heartbeat)
2. অতিমাত্ৰাত শৰীৰৰ পৰা ঘাম বাহিৰ হোৱা(Sweating)
3. বুকুৰ বিষ আৰু অস্বস্তিত ভোগা(Chest pain and discomfort)
4. বিনা কাৰণত শৰীৰত কঁপনিৰ অনুভূত হোৱা(Shaking or trembling)
5. শৰীৰত ঠাণ্ডা অনুভূত হোৱা(Chills)
6. বমিৰ অনুভূত হোৱা আৰু পেটৰ সমস্যাত ভোগা(Nausea and upset stomach)
7. শাৰীৰিক দুৰ্বলতা অনুভৱ হোৱাৰ লগতে মূৰ ঘূৰোৱা(Lightheadedness, dizziness)
8. উশাহ-নিশাহত সমস্যা সৃষ্টি হোৱা(Difficulty in breathing)