নিউজ ডেস্ক, 23 ছেপ্তেম্বৰ : আন্তৰ্জাতিক সাংকেতিক ভাষা(International Day of Sign Languages) দিৱস হৈছে সকলো বিশেষভাৱে সক্ষম লোক আৰু অন্যান্য সাংকেতিক ভাষা ব্যৱহাৰকাৰীৰ ভাষিক পৰিচয় আৰু সাংস্কৃতিক বৈচিত্ৰক সমৰ্থন আৰু সুৰক্ষিত কৰাৰ এক অনন্য সুযোগ ৷ ‘World Federation of the Deaf’ ৰ দ্বাৰা ঘোষণা কৰা 2021 চনৰ এই দিৱসৰ বিষয়বস্তু হৈছে We Sign For Human Rights অৰ্থাৎ ‘আমি মানৱ অধিকাৰৰ বাবে স্বাক্ষৰ কৰো’ ৷
যিটোৱে আমাৰ প্ৰত্যেককেই– বিশেষভাৱে সক্ষম আৰু সমগ্ৰ বিশ্বৰ শ্ৰৱণ শক্তি নোহোৱা লোকসকলে কেনেদৰে জীৱনৰ সকলো ক্ষেত্ৰত সাংকেতিক ভাষা ব্যৱহাৰ কৰাৰ আমাৰ অধিকাৰৰ স্বীকৃতিৰ বাবে একেলগে কাম কৰিব পাৰে তাৰ ওপৰত আলোকপাত কৰে ৷
World Federation of the Deaf ৰ মতে, বিশ্বজুৰি 70 নিযুতৰো অধিক বধিৰ অথবা বিশেষভাৱে সক্ষম লোক আছে ৷ তেওঁলোকৰ 80% ৰো অধিকে উন্নয়নশীল দেশত বাস কৰে ৷ সামূহিকভাৱে তেওঁলোকে 300 ৰো অধিক বিভিন্ন সাংকেতিক ভাষা ব্যৱহাৰ কৰে ৷
সাংকেতিক ভাষাবোৰ সম্পূৰ্ণৰূপে প্ৰাকৃতিক ভাষা, কথিত ভাষাবোৰৰ পৰা গাঁথনিগতভাৱে পৃথক ৷ আন্তৰ্জাতিক সাংকেতিক ভাষা হৈছে সেয়া যাক বিশেষভাৱে সক্ষম লোকসকলে আন্তৰ্জাতিক সভাৰ লগতে ভ্ৰমণ আৰু সামাজিকীকৰণৰ সময়ত অনানুষ্ঠানিকভাৱে ব্যৱহাৰ কৰে ৷ ইয়াক সাংকেতিক ভাষাৰ এক "পিজিন ৰূপ" বুলি গণ্য কৰা হয়, যি প্ৰাকৃতিক সাংকেতিক ভাষাৰ দৰে জটিল নহয় আৰু ইয়াৰ শব্দকোষ সীমিত ৷
প্ৰতিবন্ধী ব্যক্তিসকলৰ অধিকাৰৰ সন্মিলনে সাংকেতিক ভাষাৰ ব্যৱহাৰক স্বীকৃতি দিয়ে আৰু প্ৰচাৰ কৰে ৷ ই স্পষ্ট কৰে যে, সাংকেতিক ভাষাবোৰ কথিত ভাষাৰ স্থিতিত সমান ৷ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই বিশেষভাৱে সক্ষম লোকসকলৰ মানৱ অধিকাৰৰ সম্পূৰ্ণ উপলব্ধিত সাংকেতিক ভাষাৰ গুৰুত্ব সম্পৰ্কে সজাগতা বৃদ্ধি কৰাৰ বাবে ২৩ ছেপ্তেম্বৰৰ দিনটোক আন্তৰ্জাতিক সাংকেতিক ভাষা দিৱস হিচাপে ঘোষণা কৰে ৷