অসম

assam

ETV Bharat / bharat

International Daughters' Day : কন্যা সন্তানৰ বাবে উসৰ্গিত এটা দিন

কন্যা সন্তানলৈ সন্মান জনাই প্ৰতি বছৰে ছেপ্টেম্বৰৰ চতুৰ্থটো দেওবাৰে উদযাপিত হয় International Daughters' Day ৷ কন্যা সন্তানৰ জন্মক উদযাপন কৰাৰ লগতে কন্যা সন্তানৰ জন্মৰ সৈতে জড়িত নেতিবাচক ধাৰণা আঁতৰ কৰাৰ লক্ষ্যৰে পালন কৰা হয় এই বিশেষ দিন ৷

international daughters day
কন্যা সন্তানৰ বাবে উসৰ্গিত এটা দিন

By

Published : Sep 26, 2021, 5:08 PM IST

নিউজ ডেস্ক, 26 ছেপ্টেম্বৰ : সাধাৰণতে ছোৱালী সন্তানক ঈশ্বৰৰ আশীৰ্বাদ বুলি গণ্য কৰা হয় ৷ প্ৰতি বছৰে ছেপ্টেম্বৰৰ চতুৰ্থটো দেওবাৰে বিশ্বব্যাপি International Daughters' Day পালন কৰা হয় ৷ কন্যা সন্তানৰ জন্মক উদযাপন কৰা আৰু সন্মান জনোৱাৰ লগতে সমাজত কন্যা সন্তানৰ জন্মৰ সৈতে জড়িত নেতিবাচক ধাৰণা আঁতৰ কৰাৰ লক্ষ্য আগত ৰাখি এই বিশেষ দিনটো পালন কৰা হয় ৷

কন্যা সন্তানলৈ সন্মান জনাই এই বছৰ এই বিশেষ দিনটো 26 ছেপ্টেম্বৰৰ দিনটোত উদযাপন কৰা হৈছে ৷ সাধাৰণতে দেখা যায় যে, এগৰাকী কন্যাৰ তেওঁৰ পিতৃৰ সৈতে বিশেষ সম্পৰ্ক থাকে, যিয়ে সদায় নিজ কন্যাৰ সুৰক্ষাক লৈ চিন্তিত ৷ অন্যহাতে এগৰাকী মাতৃৰ বাবে তেওঁৰ কন্যা ওৰে জীৱনৰ এক সমৰ্থন ৷ যদিও নিজৰ মৰমৰ কন্যাক সকলোৱে গোটেই বছৰটো মৰম কৰাৰ লগতে উদযাপন কৰিব লাগে, বাৰ্ষিকভাৱে এটা দিন কন্যাসকলৰ বাবে উসৰ্গা কৰা হয় ৷

উল্লেখ্য যে, যদিও এই বিশেষ দিনটোত কন্যাসকলক তেওঁলোকৰ নিস্বাৰ্থ মৰম, যত্ন আৰু পৰিয়ালৰ সেৱাৰ বাবে সন্মানিত কৰা হয়, এই বিশেষ দিনটোৱে লিংগ সমতাৰ প্ৰচাৰৰ লগতে ছোৱালী সন্তানৰ বিষয়ে সজাগতা সৃষ্টি কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ৷

লগতে পঢ়ক :'ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস'ত প্ৰধানমন্ত্ৰী মোডীৰ বিশেষ শুভেচ্ছাবাণী

ABOUT THE AUTHOR

...view details