নেছনেল ডেস্ক, 22 জুন : ক’ভিড-19 মহামাৰীৰ তৃতীয় ঢৌৰ আগমনৰ আশংকাৰ মাজতে কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে মঙলবাৰে কয় যে, ভাৰতৰ তিনিখন ৰাজ্যত চাৰ্ছ-ক’ভ-2( SARS-CoV-2 ) ভাইৰাছৰ ২২ টা ডেল্টা+ প্ৰকাৰ(delta+ variant)ৰ অৱস্থিতি পোৱা গৈছে। "আজিলৈকে ভাৰতত 22 টা ডেল্টা+ প্ৰকাৰৰ ঘটনা পোৱা গৈছে । ইয়াৰে 16 টা এনে ঘটনা পোৱা গৈছে ৰত্নগিৰি আৰু জলগাঁৱত আনহাতে, কেৰালা আৰু মধ্য প্ৰদেশত বাকী থকা ঘটনাসমূহৰ অৱস্থিতি পোৱা গৈছে," নতুন দিল্লীত সাংবাদিকৰ সৈতে বাৰ্তালাপত ৰাজেশ ভূষণে এই কথা জানিবলৈ দিয়ে ।
ইয়াৰ লগতে তেওঁ কয় যে, তেওঁৰ মন্ত্ৰালয়ে এই তিনিখন ৰাজ্যক জনস্বাস্থ্য সজাগতাৰ ওপৰত এক নিৰ্দেশনা জাৰি কৰিছে। "আমি ডেল্টা+ ৰ ঘটনাবোৰৰ সংখ্যা বঢ়াতো নিবিচাৰো আৰু সেয়েহে আমি পৰিস্থিতি নিয়ন্ত্ৰণ ৰখাৰ বাবে মহাৰাষ্ট্ৰ, কেৰালা আৰু মধ্য প্ৰদেশলৈ নিৰ্দেশনা জাৰি কৰিছো," কেন্দ্ৰীয় স্বাস্থ্য সচিব গৰাকীয়ে এইদৰে কয় ।
ইয়াৰ লগতে তেওঁ কয় যে, ভাৰতৰ জিনোমিক চিকুৱেঞ্চিং কনচৰ্টিয়াম, ইণ্ডিয়ান চাৰ্চ-ক’ভ-2 জিনোমিক কনচৰ্টিয়া(INSACOG)য়ে এতিয়ালৈকে 45,000 নমুনাৰ জিনোমিক অনুক্ৰম পৰিচালনা কৰিছে "যাৰ ভিতৰত 22 টা ঘটনা ডেল্টা+ প্ৰকাৰৰ বুলি জানিব পৰা গৈছে । ভূষণে কয় যে, "আমি তথ্য সম্পৰ্কীয় বিৱৰণ পোৱাৰ পিছত, পদক্ষেপ লোৱাৰ বাবে সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহক এক পৰামৰ্শ জাৰী কৰিছিলো।"
উল্লেখ্য যে, ভাৰতৰ বাহিৰেও, ডেল্টা প্লাছ প্ৰকাৰটো বৰ্তমান আমেৰিকা যুক্তৰাজ্য, বৃটেইন, পৰ্তুগাল, চুইজাৰলেণ্ড, জাপান, পোলেণ্ড, নেপাল, ৰাছিয়া আৰু চীনকে ধৰি নখন দেশত পোৱা যায় । "ডেল্টা এক প্ৰকাৰ উদ্বেগৰ কাৰণ আছিল আনহাতে, ডেল্টা প্লাছ বৰ্তমানলৈকে চিন্তাৰ কাৰণ হৈ আছে ৷ ক’ভিড মহামাৰীৰ দ্বিতীয়টো ঢৌত ধ্বংসৰ সৃষ্টি কৰা কোভিড-19 ৰ ডেল্টা প্ৰকাৰ ইতিমধ্যে বিশ্বৰ 80 খন দেশত পোৱা গৈছে ।
ক’ভিড-19 ৰ ডেল্টা প্ৰকাৰৰ ওপৰত ভাৰতীয় ভেকছিনৰ কাৰ্যকৰিতা সন্দৰ্ভত জল্পনা-কল্পনাৰ মাজতে ভূষণে পুনৰ কয় যে, দেশত উপলব্ধ দুয়োটা ভেকছিন কোভাক্সিন আৰু কোভিশ্বিল্ড ডেল্টা প্ৰকাৰৰ বিৰুদ্ধে ক্ৰিয়া কৰিবলৈ সক্ষম । তেওঁ বিশ্ব স্বাস্থ্য সংস্থা(WHO)ৰ এটা প্ৰতিবেদনৰ কথা উল্লেখ কৰি কৈছিল যে, বৰ্তমান উপলব্ধ ভেকছিনবোৰে ডেল্টা প্ৰকাৰৰ বিৰুদ্ধে কাম নকৰিবও পাৰে। "বৰ্তমানৰ ভাৰতীয় ভেকছিনবোৰ ডেল্টা প্ৰকাৰৰ বিৰুদ্ধে কাৰ্যকৰীভাৱে সক্ষম কিন্তু, কিমান পৰিমাণে সক্ষম আমি এই বিষয়টো অতি নিবিড়ভাৱে চোৱা-চিতা কৰি আছো," ভূষণে লগতে কয় ।