নেশ্যনেল ডেস্ক, ১৮ জানুৱাৰী :লোহিত সাগৰ আৰু এডেন উপসাগৰত বিদ্ৰোহীৰ ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে আমেৰিকাকে ধৰি কেইবাখনো দেশে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । ভাৰতীয় নৌসেনা বাহিনীৰ সামৰিক জাহাজ আইএনএছ বিশাখাপট্টনমো জলদস্যু বিৰোধী অভিযানত নিয়োজিত হৈ আছে । ইয়াৰ মাজতে বৃহস্পতিবাৰে আইএনএছ বিশাখাপট্টনমে এক ড্ৰোণ আক্ৰমণৰ দ্ৰুত সঁহাৰি দিবলৈ সক্ষম হয় ।
ড্ৰোণ আক্ৰমণৰ পিচত মাৰ্শ্বেল দ্বীপৰ পতাকাযুক্ত এমভি জেনকো পিকাৰ্ডিৰ এক আহ্বানৰ দ্ৰুত সঁহাৰি দিবলৈ সক্ষম হয় । সঁহাৰি লাভ কৰি আইএনএছ বিশাখাপট্টনমে জাহাজখন বিচাৰি উলিয়াই আৰু আক্ৰমণৰ বলি হোৱা জাহাজখন দিশে নৌসেনাৰ জোৱানসকল ৰাওনা হয় । জানিব পৰা মতে এমভি জেনকো পিকাৰ্ডিত ৯ গৰাকী ভাৰতীয়ৰ সৈতে ২২ গৰাকী কৰ্মচাৰী আছিল । অৱশ্যে কোনো লোক হতাহত হোৱা নাই আৰু কম সময়ৰ ভিতৰতে জুই নিৰ্বাপণৰ খবৰ পোৱা গৈছে ।