নেশ্যনেল ডেস্ক,৫ মে':ভাৰতৰ কৰ'ণা পৰিস্থিতিৰ সময়ত অক্সিজেনৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে দেশৰ সামৰিক বাহিনীয়ে বিভিন্ন ধৰণ পদক্ষেপ গ্ৰহণ কৰিছে । অক্সিজেনৰ নাটনি পূৰণৰ বাবে ইতিমধ্যে নৌ সেনাই গ্ৰহণ কৰিছে সমুদ্ৰ সেঁতু অভিযান । প্ৰথমটো অভিযান সফল হোৱাৰ পিছতে নৌ বাহিনীয়ে আৰম্ভ কৰিছে অভিযান সমুদ্ৰ সেতু-২ ।
এই অভিযানৰ অধীনত ভাৰতীয় নৌ সেনাৰ যুদ্ধ জাহাজ আইএনএছ তলৱাৰে বুধবাৰে বাহৰেইনৰ পৰা অক্সিজেনৰ প্ৰথম চালান লৈ কৰ্ণাটকৰ নিউ মাংগালুৰু বন্দৰত উপস্থিত হয় । এই অভিযানত জাহাজখনে ৫০ টন অক্সিজেন কঢ়িয়াই আনে । একে সময়তে আইএনএছ ঐৰাৱতে ছিংগাপুৰ আৰু আইএনএছ কলকাতাই কুৱেইটৰ পৰা তৰল অক্সিজেন, অক্সিজেন ভৰ্তি চিলিণ্ডাৰ, ক্ৰায়'জেনিক টেংক আৰু চিকিৎসা সঁজুলিলৈ ভাৰতত উপস্থিত হৈছে ।