নেশ্যনেল ডেস্ক,১৬ জুলাই: জম্মু-কাশ্মীৰৰ কুপুৱাৰা জিলা কৰ্তৃপক্ষৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ । ১৯ জুনত জম্মু-কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত হোৱা সংঘৰ্ষৰ তদন্তৰ নিৰ্দেশ কুপৱাৰা জিলাৰ কৰ্তৃপক্ষৰ(Kupwara district authorities ordered an inquiry on encounter) । উত্তৰ কাশ্মীৰৰ লোলাব অঞ্চলৰ চান্দিগামত সংঘটিত হৈছিল সেই ভয়ংকৰ সংঘৰ্ষ । য'ত নিহত হৈছিল পূৰ্বে গ্ৰেপ্তাৰ হোৱা এজন সন্ত্ৰাসবাদীকে ধৰি আন চাৰিজন সন্ত্ৰাসবাদী সদস্য(Four Ultras including a arrested terrorist in clashes in Chandigam) ।
এগৰাকী চৰকাৰী মুখপাত্ৰই জনোৱা অনুসৰি, চান্দিগামত সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ অপৰাধ প্ৰক্ৰিয়া বিধিৰ ১৭৬ ধাৰাৰ অধীনত দণ্ডাধীশ পৰ্যায়ৰ তদন্ত কৰাৰ বাবে লোলাব উপ-বিভাগীয় দণ্ডাধীশক তদন্ত বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে । মুখপাত্ৰজনে এখন জাননী জাৰি কৰি জনাই যে সাধাৰণ জনতাৰ ওচৰত যদি এই ঘটনা সন্দৰ্ভত কোনো তথ্য থাকে তেন্তে জাননী প্ৰকাশ কৰাৰ তাৰিখৰ পৰা ৭ দিনৰ ভিতৰত SDM ৰ লোলাবৰ কাৰ্যালয়ত তেওঁলোকৰ বিবৃতি দাখিল কৰিব পাৰিব ।