অসম

assam

ETV Bharat / bharat

অতিশীঘ্ৰে একেখন পতাকাৰ তললৈ আহিব আই এন পি টি আৰু টিপ্ৰা

অতিশীঘ্ৰে একত্ৰিত হোৱাৰ সম্ভাৱনা ত্ৰিপুৰাৰ আটাইটকৈ পুৰণি ৰাজনৈতিক দল আই এন পি টি আৰু প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মন নেতৃত্বাধীন টিপ্ৰা(TIPRA) ৷

INPT TIPRA combine to become single political entity
অতিশীঘ্ৰে একেখন পতাকাৰ তললৈ আহিব আই এন পি টি আৰু টিপ্ৰা

By

Published : May 8, 2021, 5:36 PM IST

আগৰতলা, 8 মে’: সদ্য সমাপ্ত ত্ৰিপুৰা জনজাতীয় স্বায়ত্বশাসিত জিলা পৰিসদৰ নিৰ্বাচনত আই এন পি টি-টিপ্ৰা(TIPRA)ৰ মিত্ৰজোঁটে অভূতপূৰ্ব সফলতা প্ৰদৰ্শন কৰাৰ পিছতে এই দুয়োটা দল একেখন পতাকাৰ তললৈ অহাটো প্ৰায় নিশ্চিত হৈ পৰিছে ৷

এই দুয়ো দলৰে শীৰ্ষ কাৰ্যকৰ্তাই নিজাববীয়াকৈ সিদ্ধান্ত লৈছে যে, ৰাজ্যখনৰ আটাইতকৈ পুৰণি আঞ্চলিক দল আই এন পি টি অতি শীঘ্ৰে প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মন নেতৃত্বাধীন টিপ্ৰা(TIPRA)ত আনুষ্ঠানিকভাৱে যোগদান কৰিব ৷ উল্লেখ্য যে, দীৰ্ঘসময় ধৰি টিপ্ৰা(TIPRA)ই জনজাতীয় স্বায়ত্বশাসিত জিলা পৰিসদৰ অন্তৰ্গত অঞ্চলসমূহৰ উন্নয়নৰ লগতে ‘গ্ৰেটাৰ টিপ্ৰালেণ্ড’ৰ বাবে দাবী উত্থাপন কৰি আহিছিল ৷

ত্ৰিপুৰাৰ উজ্বয়ন্ত মহলত এক সংবাদমেল সম্বোধন কৰি দেৱবৰ্মনে কয় যে, "নিৰ্বাচনৰ অন্তত ৰাজনৈতিক দলসমূহ একলগ হোৱা ঘটনা হয়তো এয়াই প্ৰথম ৷ সাধাৰণতে মিত্ৰজোঁটৰ দলসমূহে এক নিৰ্দিষ্ট মতাদৰ্শত থিয় হোৱাতকৈ নিৰ্বাচন কেন্দ্ৰীক আসনৰ হিচাপ-নিকাচতহে অধিক গুৰুত্ব প্ৰদান কৰে ৷ কিন্তু নিৰ্বাচনৰ পিছত আই এন পি টি-টিপ্ৰা(TIPRA) একেখন পতাকাৰ তলত অহাৰ ঘোষণাই সমগ্ৰ দেশতে এই বাৰ্তা প্ৰেৰণ কৰিব যে, সামগ্ৰিক প্ৰচেষ্টাই ডাঙৰ পৰিৱৰ্তন কঢ়িয়াই আনিব পাৰে ৷"

ইয়াৰ উপৰিও যদি কোনো দলে ইয়াৰ পিছতো তেওঁলোকৰ সৈতে একত্ৰিত হ’ব বিচাৰে তেন্তে এইক্ষেত্ৰতো তেওঁলোকৰ দুৱাৰ সদায় খোলা আছে বুলিও কয় প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মনে ৷ ত্ৰিপুৰা জনজাতীয় স্বায়ত্বশাসিত জিলা পৰিসদৰ অন্তৰ্গত অঞ্চলসমূহৰ টিপ্ৰা, বঙালী, মুছলিম, মণিপুৰী আদি সকলো লোকৰে সামগ্ৰিক উন্নয়নেই তেওঁলোকৰ প্ৰাৰম্ভিক লক্ষ্য বুলিও মন্তব্য কৰে দেৱবৰ্মনে ৷

লগতে পঢ়ক-ক’ভিডৰ ভয়ংকৰ সংক্ৰমণক ৰোধ কৰাৰ ৰণকৌশল

ABOUT THE AUTHOR

...view details