নিউজ ডেস্ক, ৪ মাৰ্চ: দেশজুৰি অব্যাহত আছে কৰ'ণা টীকাকৰণৰ কাৰ্যসূচী । 'গ্ল'বেল ছফ্টৱেৰ মেজৰ ইনফোচিছ এণ্ড এক্সেঞ্চেৰে'ও তেওঁলোকৰ কৰ্মচাৰীসকলক টীকাকৰণ কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে । ইনফোচিছৰ মুখ্য পৰিচালন বিষয়া ইউ বি প্ৰবীন ৰাওৱে এক বিবৃতিযোগে কয় যে তেওঁলোকে স্বাস্থ্য আৰু সুস্থতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি তেওঁলোকৰ কৰ্মচাৰী আৰু পৰিয়ালসমূহৰ বাবে টীকাকৰণৰ সমস্ত ব্যয় বহন কৰিব ।
কৰ'ণা টীকাকৰণক লৈ আদৰণীয় পদক্ষেপ ইনফোচিছ এণ্ড এক্সেঞ্চেৰ'ৰ
'গ্ল'বেল ছফ্টৱেৰ মেজৰ ইনফোচিছ এণ্ড এক্সেঞ্চেৰে'ও তেওঁলোকৰ কৰ্মচাৰীসকলক কৰ'ণা টীকাকৰণৰ সমস্ত ব্যয় বহন কৰিব । কৰ্মচাৰীসকলৰ স্বাস্থ্য আৰু সুস্থতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি এই সিদ্ধান্ত গ্ৰহণ ।
কৰ'ণা টীকাকৰণক লৈ আদৰণীয় পদক্ষেপ ইনফোচিছ এণ্ড এক্সেঞ্চেৰ'ৰ
উল্লেখ্য যে, ১ মাৰ্চৰ পৰা ভাৰত চৰকাৰে ৬০ ৰ উৰ্দ্ধৰ বয়সকৰ লোকৰ লগতে ৰোগাক্ৰান্ত লোকসকলক কৰ'ণা টীকাকৰণৰ কাৰ্যসূচী আৰম্ভ কৰিছে । ১৬ জানুৱাৰীৰ পৰা সমগ্ৰ দেশতে আৰম্ভ কৰা হৈছিল কৰ'ণা টীকাকৰণৰ কাৰ্যসূচী ।
লগতে পঢ়ক: অনুৰাগ কাশ্যপ আৰু তাপস্বী পান্নুৰ ঘৰত আয়কৰ বিভাগৰ অভিযান