অসম

assam

ETV Bharat / bharat

ছেপ্টেম্বৰৰ শেষত মুদ্ৰাস্ফীতিৰ পৰিস্থিতি উন্নত হোৱাৰ সম্ভাৱনা - Chairman Dinesh Khara

ছেপ্টেম্বৰৰ শেষৰ ফালে মুদ্ৰাস্ফীতিজনিত পৰিস্থিতি কিছু সুচল হোৱাৰ সম্ভাৱনা আছে ৷ বেংগালুৰুত ষ্টাৰ্ট-আপৰ বাবে বেংকৰ অত্যাধুনিক শাখা মুকলি কৰাৰ কথা ঘোষণা কৰাৰ পিছতে সংবাদমাধ্যম যোগে এই মন্তব্য কৰিলে ভাৰতীয় ষ্টেট বেংকৰ অধ্যক্ষ দীনেশ খাৰাই(State Bank of India Chairman Dinesh Khara) ৷

inflation-things-might-get-better-towards-sept-end-says-sbi-chairman
ছেপ্টেম্বৰৰ শেষত মুদ্ৰাস্ফীতিৰ দিশত পৰিস্থিতি উন্নত হোৱাৰ সম্ভাৱনা

By

Published : Aug 17, 2022, 11:17 AM IST

নেশ্যনেল ডেস্ক, 17 আগষ্ট : ছেপ্টেম্বৰৰ শেষৰ ফালে মুদ্ৰাস্ফীতিৰ পৰিস্থিতি কিছু সুচল হোৱাৰ সম্ভাৱনা আছে ৷ মঙলবাৰে এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে ভাৰতীয় ষ্টেট বেংকৰ অধ্যক্ষ দীনেশ খাৰাই(State Bank of India's Chairman Dinesh Khara) ৷ তেওঁ কয় যে খাৰুৱা তেলৰ মূল্য কম হোৱাৰ ধাৰাটোৱে পৰিস্থিতি লাঘৱ কৰাত সহায় কৰিব ।

তেওঁ লগতে কয়- "শেহতীয়াকৈ মুদ্ৰাস্ফীতিৰ যি সংখ্যা ওলাইছিল সেয়া আছিল ৬.৭ (The inflation front towards the end of September) । যোগানৰ ক্ষেত্ৰত থকা বাধাসমূহ সমাধান কৰা হৈছে ৷ গতিকে আগলৈ গৈ পৰিস্থিতিৰ উন্নতি হোৱা উচিত ।"

সাংবাদিকসকলৰ সৈতে হোৱা এক বাৰ্তালাপত ভাৰতীয় ষ্টেট বেংকৰ অধ্যক্ষগৰাকীয়ে পুনৰ কয় যে মুদ্ৰাস্ফীতিৰ এটা গুৰুত্বপূৰ্ণ কাৰক হৈছে খাৰুৱা তেলৰ মূল্য ৷ সামগ্ৰিকভাৱে আশা প্ৰকাশ কৰি তেওঁ কয়- "হয়তো ছেপ্টেম্বৰৰ শেষৰ ফালে আপুনি (এতিয়া) যি দেখিছে তাৰ তুলনাত পৰিস্থিতি উন্নত হ'ব পাৰে ৷"

বেংগালুৰুত ষ্টাৰ্ট-আপৰ বাবে বেংকৰ অত্যাধুনিক শাখা মুকলি কৰাৰ কথা ঘোষণা কৰাৰ পিছতে এছ বি আইৰ অধ্যক্ষগৰাকীয়ে সাংবাদিকৰ এই মন্তব্য প্ৰদান কৰে ।

লগতে পঢ়ক :Amazon under investigation, শ্ৰম আইন উলংঘা কৰি বিপদত আমাজন !

For All Latest Updates

ABOUT THE AUTHOR

...view details