অসম

assam

ETV Bharat / bharat

Pakistani intruder shot dead : পুনৰ বিএছএফৰ গুলীত নিহত পাকিস্তানী অনুপ্ৰৱেশকাৰী

স্বাধীনতা দিৱসক লৈ চাৰিওফালে প্ৰস্তুতি চলি থকাৰ মাজতে পঞ্জাৱ সীমান্তৰে ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা পাকিস্তানী নাগৰিকৰ । বিএছএফৰ গুলীত নিহত অনুপ্ৰৱেশকাৰী ।

By

Published : Aug 14, 2023, 2:05 PM IST

Pakistani intruder shot dead
পুনৰ বিএছএফৰ গুলীত নিহত পাকিস্তানী অনুপ্ৰৱেশকাৰী

নেশ্যনেল ডেস্ক,১৪ আগষ্ট : দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে দেশবাসী সাজু হৈছে । তাৰ প্ৰাকক্ষণত সীমান্ত অঞ্চলত নিৰাপত্তা বাহিনীয়ে অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । পঞ্জাৱৰ পাঠানকোট জিলাত পুনৰ নিৰাপত্তা বাহিনীৰ গুলীত নিহত পাকিস্তানৰ অনুপ্ৰৱেশকাৰী । পাকিস্তানী অনুপ্ৰৱেশকাৰীজনে পাঠানকোটৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাৰ হ'বলৈ চেষ্টা কৰাৰ সময়তে নিৰাপত্তা বাহিনীয়ে গুলীচালনা কৰে ।

জানিব পৰা মতে, ঘটনাটো সোমবাৰে পুৱতি নিশা সংঘটিত হয় । এগৰাকী বিএছএফ বিষয়াই জনোৱা মতে সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ) জোৱানে পাঠানকোটৰ চিম্বল চাকোল গাঁৱৰ ওচৰত নিশা প্ৰায় ১২:৩০ মান বজাত সন্দেহজনক গতিবিধি লক্ষ্য কৰে ।

প্ৰথমে ঘটনাস্থলীত কৰ্তব্যৰত বিএছএফ জোৱানসকলে অনুপ্ৰৱেশকাৰীজনক প্ৰত্যাহ্বান জনাইছিল কিন্তু অনুপ্ৰৱেশকাৰীজনে বিএছএফৰ প্ৰতি কোনো গুৰুত্ব নিদিলে । অনুপ্ৰৱেশকাৰীজনক বাৰে বাৰে সতৰ্কবাণী দিয়াৰ পাছতো তেওঁ উপেক্ষা কৰে আৰু সীমান্তৰ ফালে আগবাঢ়ি যায় । যাৰ বাবে জোৱানসকল সতৰ্ক হৈ পৰে । সম্ভাব্য ভাবুকি অনুভৱ কৰি জোৱানসকলে গুলীচালনা কৰিবলৈ বাধ্য হয় । ফলস্বৰূপে ঘটনাস্থলীতে অনুপ্ৰৱেশকাৰীজন নিহত হয় ।

উল্লেখ্য যে ১১ আগষ্টত বিএছএফৰ জোৱানসকলে তৰ্ণ তৰণ জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত এজন পাকিস্তানী অনুপ্ৰৱেশকাৰীক লক্ষ্য কৰি গুলীচালনা কৰে । গুলীচালনাত অনুপ্ৰৱেশকাৰীজন নিহত হয় ।

এই বছৰৰ মে' মাহত বিএছএফয়ে পঞ্জাৱৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওচৰত দুই অচিনাক্ত অনুপ্ৰৱেশকাৰীক গুলীয়াই হত্যা কৰে আৰু এজন পাকিস্তানী নাগৰিকক আটক কৰে । তেওঁলোকৰ পৰা সন্দেহজনক নিষিদ্ধ সামগ্ৰীও উদ্ধাৰ কৰে । ২০২২ চনত পঞ্জাৱ ফ্ৰণ্টিয়াৰত বিএছএফৰ জোৱানে দুজন পাকিস্তানী অনুপ্ৰৱেশকাৰীক নিষ্ক্ৰিয় কৰিবলৈ সক্ষম হয় । আনহাতে পাকিস্তানৰ ফালৰ পৰা ভাৰতত প্ৰৱেশ কৰা ২২ টা ড্ৰোণ জব্দ কৰে । ইয়াৰ লগতে ৩১৬ কিলোগ্ৰাম ড্ৰাগছও নিৰাপত্তা বাহিনীয়ে জব্দ কৰে ।

লগতে পঢ়ক :Children throws into Water: সুৰামত্ত CISF জোৱানে পানীত দলিয়ালে তিনি শিশুসহ কিশোৰক

ABOUT THE AUTHOR

...view details