নিউজ ডেস্ক, 26 অক্টোবৰ: জম্মু-কাশ্মীৰৰ উত্তৰ কাশ্মীৰৰ অন্তৰ্গত কুপৱাৰা জিলাত বৃহস্পতিবাৰে নিৰাপত্তা বাহিনীয়ে নিয়ন্ত্ৰণ ৰেখাত অনুপ্ৰৱেশৰ চেষ্টা কৰা পাঁচটা লস্কৰ উগ্ৰপন্থীক হত্যা কৰা বুলি দাবী কৰে । এই বিষয়ে নিশ্চিত কৰি শ্ৰীনগৰস্থিত চিনাৰ কৰ্পছৰ এগৰাকী মুখপাত্ৰই X ত লিখিছে, “২৬ অক্টোবৰত ভাৰতীয় সেনা, জম্মু-কাশ্মীৰ আৰক্ষী আৰু চোৰাংচোৱা সংস্থাই আৰম্ভ কৰা এক যৌথ অভিযানত কুপৱাৰা খণ্ডৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ কৰা হৈছে ৷ সৈন্যসকলক সতৰ্ক কৰি দিয়া হৈছে আৰু অভিযান চলি আছে ।”
সেনাই এতিয়াও কোনো উগ্ৰপন্থীৰ মৃত্যুৰ তথ্য নিশ্চিত কৰা নাই যদিও কাশ্মীৰ মণ্ডল আৰক্ষীয়ে জনোৱা মতে, এনকাউণ্টাৰ চলি থকাৰ সময়তে দুটা উগ্ৰপন্থী নিহত হৈছে । এক্সত প্ৰকাশ কৰা এক বিবৃতিত কাশ্মীৰ মণ্ডল আৰক্ষীৰ এগৰাকী মুখপাত্ৰই লিখিছে, "কুপৱাৰা আৰক্ষীয়ে প্ৰদান কৰা এক নিৰ্দিষ্ট তথ্যৰ ভিত্তিত মাছাল ছেক্টৰত এটা একনাউণ্টাৰ আৰম্ভ হৈছে য'ত এতিয়ালৈকে দুটা সন্ত্ৰাসবাদী নিহত হৈছে । অভিযান চলি আছে ।’’
এক্সৰ আন এটা পোষ্টত কাশ্মীৰৰ এডিজিপিৰ উদ্ধৃতি দি আৰক্ষীৰ এগৰাকী মুখপাত্ৰই কয় যে, "লস্কৰ ই তৈবাৰ 3 সদস্যসহ মুঠ সন্ত্ৰাসবাদী 5 টা সন্ত্ৰাসবাদী নিহত হৈছে । চিনাক্তকৰণ নিশ্চিত কৰা হৈছে । অভিযান অব্যাহত আছে । অৱশ্যে নিহত উগ্ৰপন্থীৰ পৰিচয় তৎক্ষণাত জানিব পৰা হোৱা নাছিল ।