অসম

assam

ETV Bharat / bharat

Sheena Bora Murder Case :6 বছৰৰ পাছত মুক্ত আকাশৰ তলত ইন্দ্ৰাণী - কাৰাগাৰৰ পৰা ওলাল ইন্দ্ৰাণী মুখাৰ্জী

দেশজুৰি চৰ্চা লাভ কৰা শ্বীনা বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীয়ে ২০১৫ চনৰে পৰা কাৰগাৰত বন্দী হৈ থকাৰ পাছত শুকুৰবাৰে বাইকুল্লা কাৰাগাৰৰ পৰা ওলাই আহে (Indrani Mukherjea released from Byculla jail)। শেহতীয়াকৈ ইন্দ্ৰাণীয়ে দাবী কৰিছিল যে তেওঁৰ কন্যা শ্বীনা বৰা এতিয়াও জীয়াই আছে ।

Sheena Bora Murder Case
কাৰাগাৰৰ পৰা ওলাল ইন্দ্ৰাণী মুখাৰ্জী

By

Published : May 21, 2022, 10:19 AM IST

নেশ্যনেল ডেস্ক, ২১ মে' :অৱশেষত মুকলি আকাশৰ তললৈ আহিল শ্বীনা বৰা হত্যাকাণ্ডৰ (Sheena Bora Murder Case) মূল অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জী । উচ্চতম ন্যায়ালয়ে জামিন মঞ্জুৰ কৰাৰ পাছতে শুকুৰবাৰে সন্ধিয়া বাইকুল্লা কাৰাগাৰৰ পৰা ওলাই আহে ইন্দ্ৰাণী মুখাৰ্জী (Indrani Mukherjea released from Byculla jail)। ৬ বছৰতকৈও অধিক সময়ত কাৰাগাৰত থকা ইন্দ্ৰাণীয়ে কাৰাগাৰৰ পৰা ওলাই আহিয়ে আনন্দিত বুলি সংবাদমাধ্যমৰ আগত মন্তব্য কৰে ।

কাৰাগাৰৰ পৰা ওলাইয়ে মুখাৰ্জীয়ে তেওঁৰ অধিবক্তা ছানা ৰইছ শ্বেখক সাৱটি ধৰা দেখা গৈছিল । তাৰ পাছত অধিবক্তাগৰাকীৰ বাহনত উঠি ৱৰ্লিস্থিত ফ্লেটলৈ ৰাওনা হয় ইন্দ্ৰাণী মুখাৰ্জী । সংবাদমাধ্যমৰ সন্মুখত বিশেষ মন্তব্য নকৰিলেও ইন্দ্ৰাণীৰ চেহেৰাটোক লৈ সামাজিক মাধ্যমত বিশেষ চৰ্চা হোৱা দেখা গৈছে । পূৰ্বে বগা চুলিৰে দেখি থকা ইন্দ্ৰাণীৰ ক'লা চুলি দেখি বহুতে বিভিন্ন ধৰণৰ মন্তব্য কৰা দেখা গৈছে । একাংশই কোৱা মতে তেওঁৰ কাৰাগাৰৰ ভিতৰত বিউটি পাৰ্লাৰ আছে য'ত তেওঁ চুলিখিনিত ৰং সানিছে ।

উল্লেখ্য যে শ্বীনা বৰা হত্যাকাণ্ডৰ গোচৰটো চিবিআইয়ে তদন্ত কৰি আছে (CBI investigating Sheena Bora murder case)। তদন্তৰ প্ৰতিবেদন অনুসৰি ২০১২ চনৰ এপ্ৰিল মাহত শ্বীনা বৰাক হত্যা কৰা হৈছিল । কিন্তু ২০১৫ চনৰ ২১ আগষ্টত অবৈধভাৱে অস্ত্ৰৰ সৈতে ইন্দ্ৰাণীৰ প্ৰাক্তন গাড়ী চালক শ্যামবৰ ৰায়ক গ্ৰেপ্তাৰ কৰাৰ পাছত হে এই ঘটনাটো পোহৰলৈ আহে ।

জেৰাৰ সময়ত, ৰায়ে আৰক্ষীক উক্ত হত্যাকাণ্ডটো সম্পৰ্কে কৈছিল । ৰায়ে দাবী কৰিছিল যে পিটাৰ মুখাৰ্জীৰ পত্নী ইন্দ্ৰাণীয়ে তেওঁৰ প্ৰাক্তন স্বামী সঞ্জীৱ খান্নাৰ সহায়ত নিজৰে কন্যা শ্বীনাক হত্যা কৰিছিল । চিবিআইৰ অনুসন্ধানত পোহৰলৈ আহিছিল যে পিটাৰ মুখাৰ্জীৰ পুত্ৰ ৰাহুল মুখাৰ্জীৰ সৈতে শ্বীনা বৰাৰ সম্পৰ্কক লৈ সন্তুষ্ট নাছিল ইন্দ্ৰাণী মুখাৰ্জী ।

শেহতীয়াকৈ ইন্দ্ৰাণী মুখাৰ্জীয়ে চিবিআইলৈ এখন পত্ৰ প্ৰেৰণ কৰি কৈছিল যে তেওঁৰ জীয়েক শ্বীনা বৰা এতিয়াও জীয়াই আছে । যাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল । অৱশ্যে চিবিআইয়ে স্পষ্ট কৰি দিছে যে আদালতৰ হস্তক্ষেপ নোহোৱালৈকে এই দিশটো তেওঁলোকে গ্ৰহণ নকৰে ।

লগতে পঢ়ক :Sheena Bora murder case : ছবছৰ পাঁচ মাহৰ পাচত জামিন পালে ইন্দ্ৰাণী মুখাৰ্জীয়ে

ABOUT THE AUTHOR

...view details