অসম

assam

ETV Bharat / bharat

Biggest rangoli of PM Modi: দীপাৱলীৰ ৰংগোলীত পদুম ফুলৰ মাজত জিলিকিল প্ৰধানমন্ত্ৰী মোদী - ৰংগোলী শিল্পী

দীপাৱলীৰ উখল মাখলৰ মাজতে ইন্দোৰৰ ৰংগোলী শিল্পী শিখা শৰ্মাই সামাজিক মাধ্যমত পুনৰ চৰ্চাত আছে । প্ৰতিবৰ্ষৰ দৰে এইবাৰো ১৪ হাজাৰ ফুট সৰ্ববৃহ ৰংগোলী প্ৰস্তুত কৰিছে । অক্সফৰ্ড আন্তঃৰাষ্ট্ৰীয় মহাবিদ্যালয়ত প্ৰস্তুত কৰা এই বিশেষ ৰংগোলীটোত প্ৰধানমন্ত্ৰী মোদীৰ ছবিও অংকিত কৰা হৈছে । ইন্দোৰ ভ্ৰমণৰ বাবে আহিবলগীয়া প্ৰধানমন্ত্ৰীয়ে এই ৰংগোলী পৰিদৰ্শন কৰিব ৷

Biggest rangoli of PM Modi
দীপাৱলীত জিলিকিল পদুম ফুলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ সৰ্ববৃহৎ ৰংগোলী

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 4:35 PM IST

নেশ্যনেল ডেস্ক, 12 নৱেম্বৰ : দেশজুৰি দেৱালীৰ উলহ-মালহৰ মাজতে ইন্দোৰৰ ৰংগোলী শিল্পী শিখা শৰ্মাৰ সৰ্ববৃহৎ ৰংগোলীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ প্ৰতিবৰ্ষৰ দৰে এইবাৰো শিখাই ব্যতিক্ৰমী কলাৰে 14 হাজাৰ বৰ্গফুট ওখ ৰংগোলী তৈয়াৰ কৰিছে । শিখাৰ সৈতে ৰংগোলী প্ৰস্তুতকাৰী দলটোত 15 গৰাকী লোক জড়িত হৈ আছে ৷ এই বিশেষ ৰংগোলীটো নিৰ্মাণ কৰিবলৈ দুদিন লাগিছে বুলি শিখাই জানিবলৈ দিয়ে ৷ ইন্দোৰৰ অক্সফৰ্ড আন্তঃৰাষ্ট্ৰীয় মহাবিদ্যালয়ত এই ৰংগোলীটো নিৰ্মাণ কৰা হৈছে ।

শিখাই উল্লেখ কৰে যে, এই কলাৰ জৰিয়তে তেওঁৰ সৈতে দলটোৱে কিছু মহত্বপূৰ্ণ বিষয়বস্তু দেখুৱাবলৈ চেষ্টা কৰিছে ৷ ৰংগোলীটোত হনুমান, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইন্দোৰৰ উন্নয়নমূলক কাম-কাজসমূহ অংকিত কৰিছে ৷ ইয়াৰ উপৰিও বিজেপিৰ সাধাৰণ সম্পাদক কৈলাশ বিজয়বৰ্গীয়াকো ৰংগোলীটোত অংকিত কৰা হৈছে ৷

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 13, 14 নৱেম্বৰত ইন্দোৰৰ পিত্ৰু পাৰ্বতৰ সন্মুখৰ অক্সফৰ্ড আন্তঃৰাষ্ট্ৰীয় মহাবিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া এখন নিৰ্বাচনী জনসভা সম্বোধন কৰিব । এই ৰংগোলীত, পিত্ৰু পাৰ্বত, পদুম ফুল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কৈলাশ বিজয়বৰ্গীয়াক শিখা শৰ্মাই ৰংগোলী কলাৰে খোদিত কৰিছে । ইন্দোৰ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে এই বিশেষ ৰংগোলীটো পৰিদৰ্শন কৰিব ৷

স্মৰ্তব্য যে, ইন্দোৰ নন্দনগৰৰ বাসিন্দা শিখা শৰ্মাই এতিয়ালৈকে ৰংগোলী শিল্পীৰ দক্ষতাৰ বাবে 90 টাতকৈও অধিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। তেওঁ সম্প্ৰতি স্বচ্ছ ইন্দোৰৰ ব্ৰেণ্ড এম্বেচেডৰ ৷ ইয়াৰ পূৰ্বেও শিখাৰ ৰংগোলীয়ে বিশ্ব ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে ৷ এই বিশাল আকাৰৰ ৰংগোলীত ইন্দোৰৰ মেট্ৰ', পকী ৰাস্তা, স্বচ্ছ ইন্দোৰ, শিক্ষা কেন্দ্ৰ আৰু তথ্য প্ৰযুক্তি কোম্পানী সমূহো স্পষ্টকৈ পৰিলক্ষিত হৈছে । এই ৰংগোলীত বিজেপিয়ে কৰা উন্নয়নমূলক কামসমূহৰ লগতে ইন্দোৰৰ পৰিৱৰ্তনশীল ছবি আৰু মোদী-কৈলাশৰ উন্নয়নৰ দৃষ্টিভংগী প্ৰতিফলিত হৈছে ।

লগতে পঢ়ক:Two youths died: বিশ্বকাপ চাই থকাৰ সময়তে তীব্ৰবেগী ৰে’লে খুন্দিয়ালে দুই যুৱক

ABOUT THE AUTHOR

...view details