নিউজ ডেস্ক, ৭ এপ্ৰিল: চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশে স্বাধীনতা লাভ কৰাৰ দিনা শেইখ মজিবুৰ ৰহমানে কৈছিল যে, "ভাৰতীয় সৈন্যসকলে আমাৰ দেশৰ বাবে প্ৰাণ আহুতি দিছে । মোৰ দেশৰ জনতাই তেওঁলোকৰ এই ত্যাগ সদায় স্বীকাৰ কৰিব আৰু মনত ৰাখিব" । বংগ বন্ধুৰ এই কথাষাৰৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাংলাদেশ ভ্ৰমণ খুবেই তাৎপর্যপূর্ণ ।
মোডীৰ বাংলাদেশ ভ্রমণৰ অন্যতম উদ্দেশ্য আছিল বাংলাদেশৰ সিংহপুৰুষ শেইখ মজিবুৰ ৰহমানক মৰণোত্তৰভাৱে "মহাত্মা গান্ধী শান্তি" বঁটা প্ৰদান কৰা । আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ বাহিৰেও ভাৰত আৰু বাংলাদেশ ঐতিহাসিক, সামাজিক আৰু আধ্যাত্মিক সম্পৰ্কৰে বান্ধ খোৱা । বাংলাদেশৰ স্বাধীনতাই ইতিমধ্যে প্ৰমাণ কৰিছে যে, এখন দেশ গঠনৰ বাবে ধৰ্মতকৈ ভাষা অধিক গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনীয় ।
তাৰোপৰি আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস উদযাপনৰ বাবে বাংলাদেশৰ স্বাধীনতায়ো বহুখিনি অৰিহণা যোগাইছিল । হেনৰী কিছিংগাৰৰ নিচিনা একাংশই যদিও বাংলাদেশ গঠনক লৈ এসময়ত উপহাস কৰিছিল, সেই বাংলাদেশেই এতিয়া উন্নয়নৰ ফালৰ পৰা পাকিস্তানক অতিক্ৰম কৰিছে । সেয়ে, বাংলাদেশৰ জন্মৰ স্বর্ণ জয়ন্তী উদযাপন কৰাটো খুবেই তাৎপর্যপূর্ণ ।
১৯৭৫ চনত ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু মজিবুৰ ৰহমানৰ মাজত স্বাক্ষৰিত হোৱা ভাৰত-বাংলা চুক্তিয়ে বহু ভাল বেয়া সময় প্ৰত্যক্ষ কৰিছে । সীমা সমস্যা, জল বিবাদ, অনুপ্ৰৱেশকাৰী আৰু বাংলাদেশৰ মাটি ভাৰত বিৰোধী শক্তিয়ে ব্যৱহাৰ কৰা তথা অপপ্ৰচাৰ আদিৰ বাবে ভাৰত-বাংলাদেশৰ সম্পৰ্ক ইতিমধ্যে বহু পৰিমাণে অৱনমিত হৈছে ।
যি কি নহওঁক, বাংলাদেশত সাম্প্ৰতিক সময়ত গণতন্ত্ৰ পুনৰ প্ৰতিষ্ঠা হোৱাৰ পাছত দুয়োখন দেশৰ মাজত থকা ভুল বুজাবুজি বহু পৰিমাণে আঁতৰ হৈছে । ২০১৫ চনত হোৱা এক চুক্তিৰ জৰিয়তে দেশ দুখনৰ মাজত থকা সীমা বিবাদো সমাধান হোৱা বুলি ক'ব পাৰি । তিস্তা নদীৰ বাবে ১০ বছৰতকৈও অধিক সময় দেশ দুখনৰ মাজত চলি থকা জল বিবাদ সমাধান হ'লে দুয়োখন চুবুৰীয়া দেশৰ সম্পৰ্কই এক নতুন শিখৰ অতিক্ৰম কৰিব বুলি ইতিমধ্যে ধাৰণা কৰা হৈছে ।