নেশ্যনেল ডেস্ক,২৯ এপ্ৰিল :কেন্দ্ৰীয় চৰকাৰৰ 'অপাৰেচন কাবেৰী'ৰ (Operation Kaveri) অধীনত চলি থকা উদ্ধাৰৰ প্ৰচেষ্টাক অধিক উৎসাহিত কৰিবলৈ, ভাৰতীয় কেৰিয়াৰ ইণ্ডিগ'ৱে এই অভিযানত সহযোগিতা আগবঢ়াইছে । ইণ্ডিগ'ৰ বিশেষ বিমানে ২৩১ গৰাকী আৱদ্ধ ভাৰতীয়ৰ সৈতে জেদ্দাৰ পৰা দিল্লী অভিমুখে ৰাওনা হৈছে । জেদ্দাৰ পৰা স্বদেশলৈ আৱদ্ধ ভাৰতীয়ৰ সৈতে এয়া পঞ্চমখন বিমানৰ যাত্ৰা (IndiGo joins Operation Kaveri)।
বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ভি মুৰলীধৰণে টুইট কৰি এই সন্দৰ্ভত ইণ্ডিগ'ক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেওঁ উল্লেখ কৰে যে জেদ্দাৰ পৰা এতিয়ালৈ প্ৰায় ১৬০০ গৰাকী ভাৰতীয়ক উদ্ধাৰ কৰা হৈছে (India Operation Kaveri)।
ইণ্ডিগ' এয়াৰলাইনছে এক বিবৃতিত কয় যে ছুডানৰ পৰা ভাৰতীয় নাগৰিকসকলক উদ্ধাৰৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰা অপাৰেচন কাবেৰীত তেওঁলোকে সহযোগিতা আগবঢ়াইছে (IndiGo airlines on Operation Kaveri)। এই অভিযানৰ অধীনত জেদ্দালৈ ইণ্ডিগ'ৱে চাৰ্টাৰ্ড বিমান প্ৰেৰণ কৰিছে । মন্ত্ৰালয়ৰ পৰা সংকেত পালেই আৰু অধিক বিমান জেদ্দালৈ প্ৰেৰণ কৰাৰ কথাও ইণ্ডিগ'ৱে বিবৃতিত উল্লেখ কৰিছে ।
এয়াৰলাইনছে ইয়াৰ পূৰ্বে 'অপাৰেচন কাবেৰী'ৰ অধীনত হিংসাজৰ্জৰ দেশখনত আৱদ্ধ ভাৰতীয়সকলক চলি থকা উদ্ধাৰত অংশগ্ৰহণ কৰিবলৈ তেওঁলোকৰ ইচ্ছা প্ৰকাশ কৰিছিল ।