নেশ্যনেল ডেস্ক,১০ মে': সোমবাৰে ৰাঁচী বিমান বন্দৰত সংঘটিত এক ঘটনাক লৈ তোলপাৰ সমগ্ৰ দেশত । ৰাঁচী বিমান বন্দৰত এটি বিশেষভাৱে সক্ষম শিশুক বৰ্ডিঙৰ পৰা বঞ্চিত কৰিছিল ইণ্ডিগ' বিমানৰ কৰ্তৃপক্ষই(Specially abled child barred from boarding Indigo flight) । মূহুৰ্ত্বতে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল সেই ভিডিঅ'। সকলোৱে তীব্ৰ গৰিহণা দিছিল এই কাণ্ডক । সমগ্ৰ বিষয়ত হস্তক্ষেপ বিমান মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ(Scindia on Indigo incident) ।
ইয়াৰ পিছতে ঘটনাৰ তদন্ত ঘোষণা কৰে সিন্ধিয়াই । এসপ্তাহৰ ভিতৰত DGCA(Directorate General of Civil Aviation)ক সমগ্ৰ ঘটনাৰ প্ৰমাণ সংগ্ৰহৰ নিৰ্দেশ দিয়ে বিমান মন্ত্ৰীগৰাকীয়ে(Scindia on DGCA factfinding team) । এক বিশেষ টুইটযোগে মন্ত্ৰীগৰাকীয়ে কয় যে ঘটনাটোৰ সংবেদনশীলতাৰ প্ৰতি লক্ষ্য ৰাখি DGCAৰ অধীনত ৩ জনীয়া এটা দলে অনুসন্ধান আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছে । তেওঁলোকে ৰাঁচী আৰু হায়দৰাবাদ ভ্ৰমণ কৰি আজিৰ পৰা এসপ্তাহৰ ভিতৰত উপযুক্ত প্ৰমাণ সংগ্ৰহ কৰিব ।