অসম

assam

ETV Bharat / bharat

Indigo Flight Makes Emergency Landing : অঘটন; পাটনা বিমানবন্দৰত জৰুৰী অৱতৰণ ইণ্ডিগো বিমানৰ - ইণ্ডিগো ফ্লাইট

উৰণৰ কেইমিনিট মান পিছতে দিল্লী অভিমুখী ইণ্ডিগোৰ এখন বিমানে পাটনা বিমানবন্দৰত জৰুৰী অৱতৰণ কৰে ৷ সূত্ৰ অনুসৰি বিমানখনৰ ইঞ্জিন নিষ্ক্ৰীয় হৈ পৰাৰ খবৰ পোৱা গৈছে ৷ যাত্ৰীসকলক শীঘ্ৰেই তেওঁলোকৰ পৰৱৰ্তী যাত্ৰাৰ বাবে এখন পৃথক বিমানত ৰখা হৈছে ৷

Indigo flight makes Emergency Landing in Patna
ইণ্ডিগো বিমানৰ জৰুৰী অৱতৰণ

By

Published : Aug 4, 2023, 6:58 PM IST

নিউজ ডেস্ক, 4 আগষ্ট : দিল্লী অভিমুখী ইণ্ডিগো ফ্লাইট 6 ই 2433ত অঘটন ৷ উৰণৰ পাছতে পাটনা বিমানবন্দৰত জৰুৰী অৱতৰণ কৰিব লগা হয় বিমানখনে ৷ বিমানখনৰ এটা ইঞ্জিন নিস্ক্ৰীয় হৈ পৰা বুলি জনা গৈছে ৷ যাৰ বাবে পাটনা বিমানবন্দৰত সুৰক্ষিত জৰুৰী অৱতৰণ কৰা হয় বিমানখনৰ ৷ বিমানখনত 181 জনৰো অধিক যাত্ৰী আছিল ৷

এটা ইঞ্জিন নিস্ক্ৰীয় হৈ পৰাৰ বাবে পাটনা বিমানবন্দৰৰ পৰা উৰণৰ মাত্ৰ তিনি মিনিট পিছতে অৱতৰণ কৰোৱা হৈছিল বিমানখন ৷ বিমানখনে 09.11 বজাত সুৰক্ষিতভাৱে অৱতৰণ কৰিছিল ৷ বিহাৰৰ পাটনা বিমানবন্দৰৰ সঞ্চালকৰ মতে বিমানবন্দৰত সকলো কাৰ্যকলাপ স্বাভাৱিক হৈ আছে ৷ অধিক তথ্যৰ বাবে অপেক্ষা কৰা হৈছে ৷ যাত্ৰীসকলৰ উপৰিও, ইণ্ডিগো বিমানখনত আঠজন ক্ৰু সদস্য আছিল যিয়ে পাটনাৰ জয় প্ৰকাশ নাৰায়ণ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰা মৰাৰ অলপ পিছতে অৱতৰণ কৰিছিল ৷

বিমানবন্দৰৰ বিষয়াসকলে যাত্ৰীসকলৰ পৰৱৰ্তী যাত্ৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰে ৷ কাৰিকৰী সমস্যাৰ বাবে বিমানখন পূৰ্বৰ স্থানলৈ ঘূৰি আহিব লগা হয় ৷ পাইলটজনে বিমানখন উৰণৰ তিনি মিনিট পিছতে এটা ইঞ্জিনত কৰিকৰী বিজুতী চিনাক্ত কৰিছিল ৷ পাইলটজনে ইঞ্জিনটো নিস্ক্ৰীয় হোৱাৰ খবৰ দিয়াৰ পিছত, জৰুৰী অৱতৰণৰ বাবে ক্লিয়াৰেন্স দিয়া হৈছিল ৷

বিমানখন পুৱা প্ৰায় 9.11 বজাত সুৰক্ষিতভাৱে অৱতৰণ কৰিছিল ৷ এই সমস্যা সন্দৰ্ভত বিমানবন্দৰৰ বিষয়াসকলে কয় যে, বিমানবন্দৰৰ আন সকলো কাৰ্যকলাপ স্বাভাৱিক হৈ আছে ৷ সূত্ৰ অনুসৰি যাত্ৰীসকলক এখন পৃথক বিমানত ৰখা হৈছে, যি সোনকালেই গন্তব্য স্থানলৈ উৰা মাৰিব ৷

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও যান্ত্ৰিক বিজুতীৰ বাবে দেশৰ কেইবাঠাইতো ইণ্ডিগো বিমানৰ জৰুৰী অৱতৰণ কৰোৱা হৈছিল ৷

লগতে পঢ়ক :Delhi to Canada Flight Canceled : দিল্লী-কানাডা বিমান বাতিল; ইন্দিৰা গান্ধী বিমানবন্দৰত যাত্ৰীৰ হুলস্থূল

ABOUT THE AUTHOR

...view details