নিউজ ডেস্ক, ১৩ মাৰ্চ : দিল্লীৰ পৰা ডোহালৈ যোৱা ইণ্ডিগোৰ এখন বিমান কৰাচীৰ জিন্না আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ পথ পৰিৱৰ্তন কৰা হয় (Indigo flight from Delhi to Dubai landing Karachi) । ইণ্ডিগো এয়াৰলাইনছৰ এজন বিষয়াই এই বিষয়ে জনাইছে । চিকিৎসাজনিত জৰুৰীকালীন অৱস্থাৰ বাবে এই বিমানখনৰ পথ পৰিৱৰ্তন কৰা বুলি জনোৱা হৈছে । সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, বিমানখনৰ যাত্ৰাৰ আদবাটতে এজন লোকৰ মৃত্যু হয় । যাৰ বাবে পাইলটজনে বিমানখন কৰাচী বিমানবন্দৰত অৱতৰণ কৰাবলগা হয় (Indigo flight passenger died) ।
তথ্য অনুসৰি, ইণ্ডিগ'ৰ বিমানখন ৰাজধানী দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ (Indira Gandhi International Airport) পৰা ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ গৈ আছিল (Dubai International Airport) । পাইলটজনে চিকিৎসাজনিত জৰুৰীকালীন অৱস্থাৰ বাবে জিন্না আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ কৰ্তৃপক্ষৰ পৰা অৱতৰণৰ অনুমতি বিচাৰে (Jinnah International Airport) । কিন্তু বিমানখনে কৰাচীত অৱতৰণ কৰাৰ পূৰ্বেই যাত্ৰীজনৰ মৃত্যু হয় ।
সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, বিমানখন কৰাচীত অৱতৰণ কৰাৰ পূৰ্বে নাইজেৰিয়ান যাত্ৰী ৬০ বছৰীয়া আব্দুল্লাহৰ মৃত্যু হয় (Nigerian passenger of Indigo flight death) । ইণ্ডিগ'ৰ বিমানখনে পুৱা ৮.৪১ বজাত দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰা মাৰিছিল আৰু পুৱা ১১ বজাত ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰাৰ কথা আছিল । এজন বিমান সেৱা বিষয়াৰ সূত্ৰত এই কথা প্ৰকাশ ।
উল্লেখ্য, ইণ্ডিগো বিমানৰ জৰুৰী অৱতৰণৰ এইটো নতুন ঘটনা নহয় । ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰী মাহত দিল্লী অভিমুখী ইণ্ডিগো বিমানে আহমেদাবাদত জৰুৰী অৱতৰণ কৰে । অৱশ্যে ঘটনাটোৰ পিছত বিমানখন আহমেদাবাদত সুৰক্ষিতভাৱে অৱতৰণ কৰোৱা হয় । অনুসন্ধানত প্ৰকাশ পাইছিল যে বিমানখনৰ ইণ্ডেন ক্ষতিগ্ৰস্ত হৈছিল । ইয়াৰ পূৰ্বে ২৫ ফেব্ৰুৱাৰীত দিল্লী অভিমুখী ইণ্ডিগোৰ এখন বিমানে ভূপালৰ কোচিনৰ পৰা উৰা মাৰিছিল আৰু বিমানখনত চিকিৎসাজনিত জৰুৰীকালীন অৱস্থাৰ বাবে ভূপাললৈ পৰিৱৰ্তন কৰা হৈছিল ।
লগতে পঢ়ক :Oscars Award 2023: এই বৰ্ষত কোনটো চৰিত্ৰ, কোনখন ছবিয়ে লাভ কৰিলে অস্কাৰ বঁটা, চাওক বিজয়ীৰ সম্পূৰ্ণ তালিকা