নেশ্যনেল ডেস্ক,২৯ অক্টোবৰ :পুনৰ ইণ্ডিগ' বিমানত অঘটন । এইবাৰ বিমানৰ ইঞ্জিনত লাগিল জুই (Indigo aircraft engine catches fire)। কথমপি ৰক্ষা ১৫০ৰো অধিক যাত্ৰী । এই ঘটনা সংঘটিত হৈছে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ।
উৰণৰ প্ৰাকমুহূৰ্তত দিল্লীৰ পৰা বেংগালুৰুলৈ যাবলগীয়া ইণ্ডিগ' 6E-2131 বিমানত জুইৰ সূত্ৰপাত হয় । লগে লগে বিমানখনৰ যাত্ৰা বাতিল কৰা হয় আৰু পুনৰ বিমানৰ আস্থানলৈ বিমানখন ঘূৰাই অনা হয় (Indigo aircraft grounded after suspected spark)। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে শনিবাৰে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ বিষয়াসকলক বিষয়টো পৰ্যৱেক্ষণৰ নিৰ্দেশ জাৰি কৰিছে । মন্ত্ৰালয়ে টুইট কৰি কয় যে সংশ্লিষ্ট বিষয়াসকলক বিষয়টো নিৰীক্ষণ কৰি অতি সোনকালে প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।
অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে ঘটনাটোৰ কাৰণ জানিবলৈ এক বিতং তদন্তৰ নিৰ্দেশ দিছে । ইফালে উপযুক্ত অনুসৰণ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও কোৱা হৈছে । এক বিজ্ঞপ্তিত সঞ্চালকালয়ে উল্লেখ কৰা মতে দিল্লীৰ পৰা বেংগালুৰুলৈ যাবলগীয়া বিমান 6E-2131 অপাৰেটিং ফ্লাইট ভিটি-আইএফএম ইণ্ডিগ' এ৩২০-চিইঅ'ৰ বিমানৰ দ্বিতীয়টো ইঞ্জিন ফেইলৰ সতৰ্কবাণী অহাৰ লগে লগে বিমানখনৰ উৰণত বাতিল কৰা হৈছে । সেই সময়ত এটা প্ৰচণ্ড শব্দ শুনা গৈছিল । অগ্নি নিৰ্বাপক বাহিনীয়ে লগে লগে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছিল ।