অসম

assam

ETV Bharat / bharat

G20 summit 2023 : বিশ্বৰ নেতাৰ দৃষ্টি আকৰ্ষণ ২৭ ফুট উচ্চতাৰ নটৰাজৰ মূৰ্তিৰ - Artist of Nataraja statue in Bharat Mandapam

জি-২০ বৈঠক অনুষ্ঠিত হোৱা ভাৰত মণ্ডপমৰ সন্মুখত থকা নটৰাজৰ মূৰ্তিয়ে বিশ্বৰ নেতাসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । তামিলনাডুৰ পৰম্পৰাগত ধাতুশিল্পৰ বাবে জনাজাত স্বামীমালাই চহৰৰ শিল্পীৰ এটা দলে এই মূৰ্তিটো নিৰ্মাণ কৰিছে ।

G20 summit 2023
২৭ ফুট উচ্চতাৰ নটৰাজৰ মূৰ্তিৱে দৃষ্টি আকৰ্ষণ কৰিছে বিশ্বৰ নেতাৰ

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 5:02 PM IST

নেশ্যনেল ডেস্ক,৯ ছেপ্টেম্বৰ :ভাৰতে এইবাৰ জি-২০ বৈঠকৰ সভাপতিত্ব কৰিছে । কেইবাখনো দেশৰ শীৰ্ষ নেতাক আদৰণি জনাইছে ভাৰতে । বিদেশী নেতাসকলক অভ্যৰ্থনা জনোৱাৰ ক্ষেত্ৰত কোনো কাৰ্পণ্য কৰা নাই । ভাৰতৰ পৰম্পৰা আৰু অনন্য সংস্কৃতিও তেওঁলোকৰ সন্মুখত উপস্থাপন কৰাৰ প্ৰয়াস কৰা হৈছে । তাৰ অংশ হিচাপে দেখা গৈছে প্ৰগতি ময়দানত নতুনকৈ মুকলি হোৱা ভাৰত মণ্ডপমৰ প্ৰৱেশদ্বাৰত থকা ২৭ ফুট ওখ নটৰাজৰ মূৰ্তি । মূৰ্তিটোৰ জৰিয়তে শিল্পীসকলে ভগৱান শিৱক তেওঁৰ মহাজাগতিক নৃত্যত ৰাখিবলৈ কোনো ধৰণৰ ত্ৰুটি এৰা নাই ।

নটৰাজৰ মূৰ্তিটো তামিলনাডুৰ পৰম্পৰাগত ধাতু শিল্পৰ বাবে বিখ্যাত স্বামীমালাই চহৰৰ পৰা অহা শিল্পীৰ এটা দলে অতি আটক-ধুনীয়াকৈ নিৰ্মাণ কৰিছে । এই উৎকৃষ্ট কৃতিৰ আঁৰৰ প্ৰধান ভাস্কৰ্য শিল্পীসকল হৈছে ৬১ বছৰীয়া শ্ৰীকন্দ স্থানপতি, তেওঁৰ ভাতৃদ্বয় ৰাধাকৃষ্ণ স্থানপতি আৰু স্বামীনাথ স্থানপতি ।

জি-২০ হৈছে ভাৰতৰ বাবে ইয়াৰ অনন্য সংস্কৃতি, ঐতিহ্য, পৰম্পৰা আৰু সংগীত বিশ্বক প্ৰদৰ্শন কৰাৰ এক সুযোগ । কিন্তু এই উৎকৃষ্ট শিল্পকৰ্মই পৰম্পৰাক আধুনিকতাৰ সৈতে নিৰৱচ্ছিন্নভাৱে মিশ্ৰিত কৰে । ভাৰতে আয়োজন কৰা জি-২০ বৈঠকৰ সময়ত ২৯ গৰাকী ৰাষ্ট্ৰপ্ৰধান, ইউৰোপীয় ইউনিয়ন আৰু অতিথি দেশসমূহে সন্মিলনত অংশগ্ৰহণ কৰিছে । ইফালে সকলোৰে দৃষ্টি বৈঠকৰ যৌথ ঘোষণাৰ ওপৰত আছে ।

বৈঠকৰ প্ৰাকমুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনৰ সৈতে দিল্লীত থকা চৰকাৰী বাসভৱনত দ্বিপাক্ষিক বৈঠকত মিলিত হৈছে । জি-২০ বৈঠকৰ প্ৰথম দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰে যে আফ্ৰিকান ইউনিয়ন জি-২০ৰ সদস্য হ'ব । প্ৰধানমন্ত্ৰীয়ে শীঘ্ৰেই ইউকেৰ প্ৰধানমন্ত্ৰী ঋষি সুনাকৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব । দুদিনীয়া জি-২০ বৈঠকত সমগ্ৰ বিশ্বৰ কেইবাগৰাকী নেতাই অংশগ্ৰহণ কৰিছে । ভাৰতে জি-২০ সভাপতিত্ব ব্ৰাজিলক হস্তান্তৰ কৰিব ।

লগতে পঢ়ক :India and Bharat controversy : জি-২০ৰ নামফলক আৰু পুস্তিকাত 'ইণ্ডিয়া'ৰ সলনি 'ভাৰত'ৰ ব্যৱহাৰ

ABOUT THE AUTHOR

...view details