অসম

assam

ETV Bharat / bharat

সমগ্ৰ বিশ্বতে ভাৰতৰ সন্মান যথেষ্ট বৃদ্ধি পাইছে: ৰাজনাথ সিং - India's prestige in the world has greatly increased, says Rajnath Singh

আউটাৰ ৰিং ৰোড আৰু ভিক্ট’ৰিয়া ষ্ট্ৰীট ফ্লাই অভাৰৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ পৰ্যালোচনা কৰিবলৈ লক্ষ্ণৌ ভ্ৰমণলৈ যোৱা কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে, জনসাধাৰণৰ আশীৰ্বাদৰ বাবে সমগ্ৰ বিশ্বতে ভাৰতৰ সন্মান যথেষ্ট বৃদ্ধি পাইছে ।

সমগ্ৰ বিশ্বতে ভাৰতৰ সন্মান যথেষ্ট বৃদ্ধি পাইছে
সমগ্ৰ বিশ্বতে ভাৰতৰ সন্মান যথেষ্ট বৃদ্ধি পাইছে

By

Published : Jul 5, 2021, 10:10 AM IST

নেশ্যনেল ডেস্ক, 5 জুলাই :সমগ্ৰ বিশ্বতে ভাৰতৰ সন্মান যথেষ্ট বৃদ্ধি পাইছে ৷ দেওবাৰে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে জনসাধাৰণৰ আশীৰ্বাদৰ বাবে দেশত উন্নয়ন সাধন হৈছে । আউটাৰ ৰিং ৰোড আৰু ভিক্ট’ৰিয়া ষ্ট্ৰীট ফ্লাই অভাৰৰ নিৰ্মাণ প্ৰক্ৰিয়া পৰ্যালোচনা কৰিবলৈ লক্ষ্ণৌ ভ্ৰমণলৈ যোৱাৰ সময়ত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, লক্ষ্ণৌ দেশৰ শীৰ্ষ 3 খন চহৰৰ ভিতৰত থাকিব লাগে ।

"লক্ষ্ণৌ দেশৰ শীৰ্ষ 3 খন চহৰৰ ভিতৰত থাকিব লাগে । ৰাজ্যখনৰ সকলো নেতা আৰু বিষয়াৰ প্ৰচেষ্টাৰ দ্বাৰা এই উন্নয়ন হোৱা বুলি প্ৰকাশ কৰাৰ লগতে যেতিয়াই কোনো অঞ্চলত আন্তঃগাঁথনিৰ বিকাশ হয়, অৰ্থনৈতিক পৰিস্থিতি যথেষ্ট উন্নত হয় বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আমাৰ দেশত কৰা উন্নয়নমূলক কাম অতিকৈ প্ৰশংসনীয় । বিশ্বজুৰি ভাৰতৰ সন্মান বৃদ্ধি পাইছে ।

যেতিয়া আমি বিদেশলৈ যাওঁ আৰু প্ৰশংসা পাওঁ, ই ব্যক্তিগত পৰ্যায়ত নহয়, আমাৰ দেশৰ বাবে"-এক টুইটযোগে সিঙে আশ্বাস দিয়ে ৷ লগতে টুইটত প্ৰকাশ কৰে যে লক্ষ্ণৌৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলি আছে ।

"আজি মই লক্ষ্ণৌত উপস্থিত হৈ চলি থকা উন্নয়নমূলক কামৰ অগ্ৰগতি দেখিছো । চহৰখনৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলি আছে । এই সকলোবোৰ কাম এক নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব বুলি টুইটাৰযোগে প্ৰকাশ কৰে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ।

লগতে পঢ়ক:উত্তৰাখণ্ডৰ একাদশ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ পুস্কৰ সিং ধামিৰ

ABOUT THE AUTHOR

...view details