অসম

assam

ETV Bharat / bharat

নিযুক্তিৰ পাছত প্ৰথমবাৰলৈ নেপালত ভাৰতৰ ৰাষ্ট্ৰদূত নবীন শ্ৰীবাস্তৱ - নিযুক্তিৰ পাছত প্ৰথমবাৰলৈ নেপালত ভাৰতৰ ৰাষ্ট্ৰদূত নবীন শ্ৰীবাস্তৱ

যোৱা মাহত নেপালত ভাৰতৰ নতুন ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়া হয় অভিজ্ঞ কূটনীতিবিদ নবীন শ্ৰীবাস্তৱক (Naveen Srivastava appointed as India's new Ambassador to Nepal)। নিযুক্তিৰ পাছত শনিবাৰে কাঠমাণ্ডুত উপস্থিত হয় ৰাষ্ট্ৰদূতগৰাকী । ভাৰতীয় দূতাবাসৰ জ্যেষ্ঠ বিষয়াসকলে তেওঁক আদৰণি জনায় ।

Naveen Srivastava
নিযুক্তিৰ পাছত প্ৰথমবাৰলৈ নেপালত ভাৰতৰ ৰাষ্ট্ৰদূত নবীন শ্ৰীবাস্তৱ

By

Published : Jun 26, 2022, 6:47 PM IST

নেশ্যনেল ডেস্ক,২৬ জুন :নেপালত ভাৰতৰ নতুন ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি লাভ কৰাৰ পাছতে কাঠমাণ্ডুত শনিবাৰে উপস্থিত হয় নবীন শ্ৰীবাস্তৱ (New ambassador to Nepal Naveen Srivastava)। নৱনিযুক্ত ৰাষ্ট্ৰদূতগৰাকী উপস্থিত হোৱাৰ লগে লগে ভাৰতীয় দূতাবাসৰ জ্যেষ্ঠ বিষয়াসকলে তেওঁক আদৰণি জনায় (Officials of Indian Embassy greeted Srivastava in Nepal)। শ্ৰীবাস্তৱ এগৰাকী অভিজ্ঞ কূটনীতিবিদ যিয়ে ২০১৫ চনৰ পৰা ২০১৭ চনলৈ কম্বোডিয়াত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কৰ্মৰত আছিল আৰু বিভিন্ন পদত ৱাশ্বিংটন, বেইজিং আৰু হংকঙত সেৱা আগবঢ়াইছিল ।

ৰাষ্ট্ৰদূতগৰাকী উপস্থিত হোৱাৰ পাছতে কাঠমাণ্ডুত থকা ভাৰতীয় দূতাবাসে এক টুইটযোগে তেওঁক আদৰণি জনোৱাৰ কথা উল্লেখ কৰে । ইফালে পূৱ এছিয়া বিভাগত অতিৰিক্ত সচিব হিচাপে তেওঁৰ কাৰ্যকালত শ্ৰীবাস্তৱে পূৱ লাডাখ সীমান্তত চীনৰ সৈতে ভাৰ্চুৱেল ফৰ্মেটত কেইবাটাও পৰ্যায়ৰ কূটনৈতিক আলোচনাত ভাৰতীয় প্ৰতিনিধি দলক নেতৃত্ব দিছিল ।

যোৱা মাহত নেপালত ভাৰতৰ নতুন ৰাষ্ট্ৰদূত হিচাপে তেওঁক নিযুক্তি দিয়া হৈছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নেপাল ভ্ৰমণ কৰাৰ এদিন পিছতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ১৯৯৩ চনৰ ভাৰতীয় বৈদেশিক সেৱাৰ (IFS) বেটচৰ শ্ৰীবাস্তৱক নিযুক্তি দিয়াৰ কথা ঘোষণা কৰে । শ্ৰীবাস্তৱৰ এই নিযুক্তি অধিক গুৰুত্বপূৰ্ণ হিচাপে বিবেচনা কৰা হৈছে কিয়নো নেপাল ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ ।

বিভিন্ন ক্ষেত্ৰত নেপালে ভাৰতৰ ওপৰত অধিক নিৰ্ভৰ কৰিবলগীয়া হয় । নেপালে ভাৰতৰ মাজেৰে বিভিন্ন দেশৰ পৰা জলপথেৰে অহা সামগ্ৰীসমূহ আমদানি কৰে । আনহাতে নেপালৰ সীমান্তত আছে ছিকিম, পশ্চিমবংগ, বিহাৰ, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ দৰে পাঁচখন ভাৰতৰ ৰাজ্য ।

লগতে পঢ়ক :ATS ৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তিস্তা চেতলৱাড়ৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details