অসম

assam

ETV Bharat / bharat

Macroeconomy of India : শক্তিশালী হৈ আছে ভাৰতৰ ক্ষুদ্ৰ অৰ্থনীতি-আইএমএফ

ভাৰতে ডিজিটেলকৰণ আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত যথেষ্ট আকৰ্ষণীয় পদক্ষেপ গ্ৰহণ কৰিছে আনহাতে ব্যৱসায়িক পৰিৱেশ উন্নত কৰা, শ্ৰমিক সংস্কাৰ আৰু বাণিজ্যিক সীমাবদ্ধতা আঁতৰ কৰাৰ লক্ষ্যৰে সংস্কাৰ কৰাৰ প্ৰয়োজনীয়তা আছে । যাতে বিনিয়োগকাৰীৰ দক্ষতাক অধিক সমৰ্থন কৰিব পাৰি । আইএমএফৰ এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় বিভাগৰ সঞ্চালক কৃষ্ণ শ্ৰীনিবাসনে এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ।

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 4:03 PM IST

Macroeconomy of India
শক্তিশালী হৈ আছে ভাৰতৰ ক্ষুদ্ৰ অৰ্থনীতি

নেশ্যনেল ডেস্ক,১৪ অক্টোবৰ :আন্তৰ্জাতিক মুদ্ৰা নিধিৰ মতে ভাৰতত সামগ্ৰিক ক্ষুদ্ৰ অৰ্থনীতিৰ (macroeconomy) পৰিৱেশ আকৰ্ষণীয় হৈছে । যাৰ বাবে বিত্তীয়ভাৱে শৃংখলাবদ্ধ আৰু মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণলৈ অনাৰ বাবে কেন্দ্ৰীয় বেংক দ্ৰুতগতিত আগ্ৰহী হৈছে ।

আইএমএফৰ এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় বিভাগৰ সঞ্চালক কৃষ্ণ শ্ৰীনিবাসনে জনোৱা মতে ভাৰতৰ সামগ্ৰিক ক্ষুদ্ৰ অৰ্থনীতিৰ পৰিৱেশ বিত্তীয়ভাৱে শৃংখলাবদ্ধ হৈ আছে । ভাৰতে এই বছৰ বিত্তীয় বৰ্ষ ৫.৯ শতাংশৰ আশা কৰিছে । কেন্দ্ৰীয় বেংকে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণলৈ আনিবলৈ দ্ৰুতগতিত আগবাঢ়ি আহিছে । শেহতীয়াকৈ ছেপ্টেম্বৰ মাহত ইয়াৰ হাৰ আছিল ৫ শতাংশ । গতিকে, মুদ্ৰাস্ফীতি হ্ৰাস পাইছে । সেয়েহে, সামগ্ৰিকভাৱে ভাৰতত ক্ষুদ্ৰ অৰ্থনীতিৰ পৰিৱেশ যথেষ্ট ভাল । এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ অৰ্থনৈতিক দৃষ্টিভংগী সন্দৰ্ভত এক সংবাদমেলত এই কথা উল্লেখ কৰে কৃষ্ণ শ্ৰীনিবাসনে ।

ভাৰতৰ এই মুহূৰ্তত কেনে ধৰণৰ নীতিগত হস্তক্ষেপৰ প্ৰয়োজন বুলি সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে ভাৰতৰ গুৰুত্বপূৰ্ণ সম্ভাৱনাৰ পৰিপ্ৰেক্ষিতত দেশখনে গাঁথনিগত সংস্কাৰৰ বিষয়ে চিন্তা কৰা উচিত ।

তেওঁ কয়, "মই ভাবো যে যদি আপুনি ভাৰতৰ গুৰুত্বপূৰ্ণ সম্ভাৱনাক সঁচাকৈয়ে ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে মই ভাবো গাঁথনিগত সংস্কাৰৰ প্ৰয়োজন । আকৌ, ডিজিটেলকৰণ আৰু আন্তঃগাঁথনি বৃদ্ধিৰ ক্ষেত্ৰত ভাৰতে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে য'ত প্ৰচেষ্টাবোৰ সঁচাকৈয়ে আকৰ্ষণীয় হৈছে । কিন্তু ইয়াৰ বাহিৰেও, ব্যৱসায়িক পৰিৱেশ উন্নত কৰা, শ্ৰমিক সংস্কাৰ, বাণিজ্যিক সীমাবদ্ধতা আঁতৰ কৰাৰ লক্ষ্যৰে সংস্কাৰ হ'ব পাৰে । এই সকলোবোৰে এক পৰিৱেশ গঢ়ি তুলিব যি ভাৰতত বিনিয়োগকাৰীৰ দক্ষতাক অধিক সমৰ্থন কৰিব ।"

লগতে বৰ্তমানৰ বজাৰ ভাৰতৰ ওপৰত বণ্ড উৎপাদন আৰু খাৰুৱা তেলৰ তীব্ৰ প্ৰভাৱ কেনে ধৰণৰ হ'ব পাৰে আৰু বিত্তীয় প্ৰণালীবোৰ ৰক্ষা কৰিবলৈ কি কৰিব পাৰি বুলি সোধাত তেওঁ সাৱধানে ঋণ ল'বলৈ পৰামৰ্শ দিয়ে । বৰ্ধিত উৎপাদনৰ ক্ষেত্ৰত প্ৰতিখন দেশৰ যেতিয়া সূতৰ হাৰ বৃদ্ধি হ'বলৈ আৰম্ভ কৰে মনত ৰখাটো গুৰুত্বপূৰ্ণ যে যিবোৰ খণ্ডত যথেষ্ট লাভান্বিত হৈছে তেওঁলোকে অধিক অসুবিধাত পৰাৰ সম্ভাৱনা থাকে । সেয়া কেৱল ভাৰতৰ বাবেই নহয় অঞ্চলটোৰ আন দেশবোৰৰ বাবেও গুৰুত্বপূৰ্ণ । সেয়েহে ব্যক্তিগত খণ্ড আৰু ৰাজহুৱা খণ্ডৰ ক্ষেত্ৰত ঋণ সাৱধানে ল'ব লাগে বুলি তেওঁ পৰামৰ্শ দিয়ে ।

ইফালে, আইএমএফয়ে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে ভাৰতৰ বাবে জিডিপি বৃদ্ধিৰ পূৰ্বানুমান ৬.৩ শতাংশলৈ বৃদ্ধি কৰিছে । মঙলবাৰে মুকলি কৰা বহুপাক্ষিক সংস্থাৰ শেহতীয়া ৱৰ্ল্ড ইক'নোমিক আউটলুক প্ৰতিবেদন অনুসৰি, এই বিত্তীয় বৰ্ষত বৃদ্ধি ৬.৩ শতাংশ হোৱাৰ সম্ভাৱনা আছে । পূৰ্বৰ প্ৰতিবেদন অনুসৰি এই বৃদ্ধি ২০ বেচিছ পইণ্টতকৈ অধিব হ'ব বুলি অনুমান কৰা হৈছে ।

লগতে পঢ়ক :Ferry service between India and Sri Lanka : ভাৰত আৰু শ্ৰীলংকাৰ মাজত ফেৰী সেৱাৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

ABOUT THE AUTHOR

...view details