নেশ্যনেল ডেস্ক, 2 আগষ্ট:ক্ৰীড়াৰ ক্ষেত্ৰত উত্তৰ-পূৱৰ খেলুৱৈৰ দপদপনি অব্যাহত আছে । বাৰ্মিংহামত অনুষ্ঠিত হৈ থকা কমনৱেলথ গেমছত(CWG 2022) ৰূপৰ পদক অৰ্জন কৰিলে মণিপুৰৰ সুশীলা দেৱীয়ে (Silver medal for India)৷ জুডোৰ মহিলাৰ 48 কিলোগ্ৰামত ৰূপৰ পদক আজুৰি আনিবলৈ সক্ষম হয় সুশীলাই (Indian judoka Shushila Devi)৷
সুশীলাই 2014 চনৰ গ্লাছগো গেমছতো ৰানাৰ্ছ-আপ হৈছিল ৷ ইয়াৰ পূৰ্বে সুশীলাই মৰিচাছৰ প্ৰিচিলা মৰাণ্ডক পৰাস্ত কৰি ফাইনেললৈ অগ্ৰসৰ হয় ৷ মণিপুৰ আৰক্ষীৰ উপ-পৰিদৰ্শক সুশীলাই আৰম্ভণিতে মালাৱিৰ হেৰিয়েট বনফেচৰ বিৰুদ্ধে জয়লাভ কৰি কোৱাৰ্টাৰ ফাইনেললৈ অগ্ৰসৰ হৈছিল ।