নেচনেল ডেস্ক,28 ফেব্ৰুৱাৰী: কেন্দ্ৰীয় চৰকাৰে প্ৰতিটো ক'ভিড-19 প্ৰতিষেধকৰ বাবদ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহে 250 টকাতকৈ অধিক মূল্য সংগ্ৰহ কৰিব নোৱাৰিব বুলি লোৱা সিদ্ধান্তক শনিবাৰে ভাৰতীয় স্বাস্থ্য খণ্ডৰ বিশেষজ্ঞসকলে আদৰণি জনায় ৷
সমগ্ৰ অতিমাৰীৰ কালছোৱাত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহে চৰকাৰৰ সৈতে সহযোগেৰে কাম কৰি আহিছে বুলি ইটিভি ভাৰতৰ সন্মুখত মন্তব্য কৰি এছিয়ান চ'চাইটি ফৰ ইমাৰজেঞ্চি মেডিচিনৰ সভাপতি ডাঃ তাম'ৰিশ ক'লে কয় যে, তেওঁ এই কথাত নিশ্চিত যে, ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহে চৰকাৰৰ এই সিদ্ধান্ত সহযোগ কৰিব আৰু সমগ্ৰ অভিযানটোক সাফল্যমণ্ডিত কৰি তুলিব ৷
জন সাধাৰণ নিশ্চয়কৈ আগবাঢ়িব আৰু ক'ভিড-19 প্ৰতিষেধক গ্ৰহণ কৰিব বুলি মন্তব্য কৰি ডাঃ ক'লে আশা প্ৰকাশ কৰে যে, তেওঁৰ এইক্ষেত্ৰত বিশ্বাস আছে যে, এই পৰ্যায়ত প্ৰাধান্য দিয়া লোকসকলে ক'ভিডৰ আশংকা বুজি আগবাঢ়ি আহিব ৷ ডাঃ ক’লৰ এই মন্তব্যৰ পাছত ধাৰণা কৰিব পাৰি যে, প্ৰথম পৰ্যায়ত জন সাধাৰণে প্ৰতিষেধক গ্ৰহণ কৰাৰ ক্ষেত্ৰত দ্বিধা প্ৰকাশ কৰিছিল ৷ যিমান পাৰি সিমান লোকক প্ৰতিষেধক প্ৰদান কৰাৰ বাবে যথোপযুক্ত সকলো ব্যৱস্থা কৰাৰ বাবে পৰিকল্পনা কৰা হৈছে ৷