নেশ্যনেল ডেস্ক, 23 জুন: বিহাৰৰ পাটনাত শুকুৰবাৰে সম্পন্ন হ’ল 17 টা বিৰোধী দলৰ উমৈহতীয়া বৈঠক ৷ এই বৈঠকত 2024 চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে একত্ৰিত হৈ যুঁজ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷
বৈঠকৰ পূৰ্বে পাটনাত কংগ্ৰেছ কৰ্মীসকলতক সম্বোধন কৰি ৰাহুল গান্ধীয়ে কয় যে ভাৰতৰ মূল ভেটি এতিয়া আক্ৰমণৰ সন্মুখীন হৈছে ৷ এই আক্ৰমণক প্ৰতিহত কৰিবলৈ বিৰোধীৰ উমৈহতীয়া শক্তিয়ে এটা প্ৰধান আদৰ্শ আগত ৰাখি নমনীয়ভাৱে যুঁজ দিব ৷
দলীয় কৰ্মীসকলৰ আগত ৰাহুল গান্ধীয়ে লগতে কয়, ‘‘ঘৃণাক ঘৃণাৰে প্ৰতিহত কৰিব নোৱাৰি ৷ ইয়াক কেৱল প্ৰেমেৰেহে পৰাজিত কৰিব পাৰি ৷ কংগ্ৰেছে দেশক একত্ৰিত কৰিবলৈ আৰু প্ৰেম বিয়পাবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ এই উদ্দেশ্য আগত ৰাখি আমি বিহাৰত সকলো বিৰোধী ৰাজনৈতিক দল একত্ৰিত হ’বৰ বাবে আহিছো ৷’’ কংগ্ৰেছৰ আদৰ্শ ভাৰত জোড়ো আৰু বিজেপি-আৰএছএছৰ আদৰ্শ ‘ভাৰত টোড়ো’ বুলিও কয় ৰাহুল গান্ধীয়ে ৷