অসম

assam

ETV Bharat / bharat

Mumbai World Trade Centre: মুম্বাই ৱৰ্ল্ড ট্ৰেড চেণ্টাৰে লাভ কৰিলে প্ৰিমিয়াৰ স্বীকৃতি - WTCA accreditation to Mumbai WTC

নিউয়ৰ্কৰ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ এছ'চিয়েচনে মুম্বাইৰ MVIRDC ৱৰ্ল্ড ট্ৰেড চেণ্টাৰক প্ৰদান কৰিলে প্ৰিমিয়াৰ স্বীকৃতি (WTCA accreditation to Mumbai WTC)। স্বীকৃতি লাভ কৰা ই ভাৰতৰ প্ৰথমটো ট্ৰেড চেণ্টাৰ । ১৯৭০ চনত প্ৰতিষ্ঠা হৈছিল ট্ৰেড চেণ্টাৰটো ।

Mumbai World Trade Centre
মুম্বাই ৱৰ্ল্ড ট্ৰেড চেণ্টাৰে লাভ কৰিলে প্ৰিমিয়াৰ স্বীকৃতি

By

Published : Jan 3, 2023, 3:55 PM IST

নেশ্যনেল ডেস্ক,৩ জানুৱাৰী :ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ এছ'চিয়েচন (WTCA) নিউয়ৰ্কৰ পৰা স্বীকৃতি লাভ কৰিলে মুম্বাই ৱৰ্ল্ড ট্ৰেড চেণ্টাৰে (Mumbai World Trade Centre wins WTCA recognition)। ইয়াৰ লগে লগে নিউয়ৰ্কৰ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ এছ'চিয়েচনৰ স্বীকৃতি লাভ কৰা প্ৰথমটো ট্ৰেড চেণ্টাৰ হিচাপে পৰিগণিত হ'ল মুম্বাইৰ MVIRDC ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ । এগৰাকী বিষয়াই জনোৱা মতে বিভিন্ন ধৰণৰ ব্যৱসায় সম্পৰ্কীয় সেৱা প্ৰদান আৰু সৰ্বোচ্চ মানদণ্ড স্থাপনৰ বাবে এই প্ৰিমিয়াৰ স্বীকৃতি প্ৰদান কৰা হৈছে ।

অধ্যক্ষ ড০ বিজয় কলন্তৰীয়ে উল্লেখ কৰা মতে ১৯৭০ চনতে প্ৰতিষ্ঠা হোৱা MVIRDC ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ বাণিজ্য উন্নয়ন, ৰিয়েল ইষ্টেট সেৱা, সন্মিলন আৰু প্ৰদৰ্শনী সেৱাত ইয়াৰ অৱদানৰ বাবে স্বীকৃতি লাভ কৰি আহিছে (Mumbai MVIRDC WTC)। স্বীকৃতি পোৱাৰ খবৰ পোৱাৰ পাছতে ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ এছ'চিয়েচনৰ পৰিচালক মণ্ডলীৰ অধ্যক্ষ জন ই ড্ৰুৱে কয় যে তেওঁলোকে সদস্য-WTC সমূহক স্বীকৃতি দিবলৈ বিশেষ পদক্ষেপ লৈছে । যিসমূহে ব্যতিক্ৰমী সুবিধা আৰু সেৱাৰ দ্বাৰা ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ মানদণ্ড বজাই ৰাখি স্থানীয় সম্প্ৰদায়সমূহক যথেষ্ট সমৃদ্ধ কৰে তেনে চেণ্টাৰক স্বীকৃতি প্ৰদানৰ পদক্ষেপ লোৱা বুলি অধ্যক্ষই উল্লেখ কৰে ।

WTCA স্বীকৃতি ২০২১ চনত চৰকাৰী প্ৰক্ৰিয়া হিচাপে আৰম্ভ কৰা হৈছিল । ইয়াত দুটা স্তৰ থাকে - স্বীকৃত সদস্য আৰু শীৰ্ষ সুবিধা আৰু সেৱা প্ৰদান কৰা সকলৰ বাবে প্ৰিমিয়াৰ স্বীকৃত সদস্য ।

অধ্যক্ষ ড০ বিজয় কলন্তৰীয়ে WTCA প্ৰিমিয়াৰ স্বীকৃতি হৈছে বাণিজ্য আৰু উদ্যোগৰ সদস্যসকলক বাণিজ্য আন্তঃগাঁথনি আৰু ব্যৱসায়িক সেৱাৰ সকলো দিশ প্ৰদান কৰাৰ নিৰন্তৰ প্ৰচেষ্টাৰ প্ৰমাণ । তেওঁ লগতে কয় যে মুম্বাই ৱৰ্ল্ড ট্ৰেড চেণ্টাৰে ৫০ বছৰ সম্পূৰ্ণ কৰাৰ বিশেষ মুহূৰ্তত এই স্বীকৃতি প্ৰদান কৰা হৈছে । অধ্যক্ষগৰাকীয়ে লগতে কয় যে মুম্বাই ৱৰ্ল্ড ট্ৰেড চেণ্টাৰে ক্ষুদ্ৰ উদ্যোগ আৰু মহিলা উদ্যোগীসকলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকৰ ব্যৱসায়ৰ বিকাশত সহায় কৰিবলৈ ব্যৱসায় আৰু সদস্যতা সেৱাৰ দ্বাৰা সমৰ্থিত মাল্টি-স্পেচিয়েলিটি কনফাৰেন্স আৰু এক্সপো এলেকাৰ দৰে অত্যাধুনিক বাণিজ্য আন্তঃগাঁথনি আগবঢ়ায় । লগতে ই ভাৰতত এক প্ৰশংসিত গোলকীয় বাণিজ্য প্ৰচাৰকাৰী সংস্থা হিচাপে পৰিগণিত হোৱাৰ বাবে সুখ্যাতি অৰ্জন কৰিছে ।

উল্লেখ্য যে মুম্বাই ৱৰ্ল্ড ট্ৰেড চেণ্টাৰে বিশ্ব ব্যাপী উদ্যোগৰ মানদণ্ড পূৰণ কৰা বা অতিক্ৰম কৰা ইয়াৰ সাফল্যবোৰ প্ৰদৰ্শন কৰিবলৈ WTCA নিউয়ৰ্কৰ পৰা এক বিশেষ স্বীকৃতি ফলক আৰু ডিজিটেল লোগো লাভ কৰিব । ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ এছ'চিয়েচন হৈছে প্ৰায় ১০০ খন দেশত বিয়পি থকা ৩০০ ৰো অধিক উচ্চ-সংযোজিত, পাৰস্পৰিক সহায়ক ব্যৱসায় আৰু সংগঠনৰ এক বিশ্বব্যাপী নেটৱৰ্ক ।

MVIRDC ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ মুম্বাই হৈছে দেশৰ বাণিজ্যিক ৰাজধানীত এক আন্তৰ্জাতিক বাণিজ্য প্ৰচাৰ আৰু ঔদ্যোগিক গৱেষণা কেন্দ্ৰৰ সপোন দেখা ভাৰতৰত্ন ড৹ মোক্ষগুণ্ডম বিশ্বেশ্বৰায়ৰ (১৮৬১-১৯৬২) কষ্টৰ বাস্তৱ ছবি । ঐতিহাসিক মুম্বাই ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ ভাৰতৰ প্ৰথম যুগান্তকাৰী টুইন টাৱাৰৰ সৈতে কাফ পেৰেডত অৱস্থিত, আৰু ই ২০০৯ চনলৈকে দক্ষিণ এছিয়াৰ আটাইতকৈ ওখ অট্টালিকা আছিল ।

লগতে পঢ়ক :Defence Minister at Arunachal pradesh: অৰুণাচলত প্ৰতিৰক্ষা মন্ত্রীৰ ২৮ টাকৈ আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details