অসম

assam

ETV Bharat / bharat

ভাৰতৰ প্ৰথমখন এক্সপ্ৰেছ কাৰ্গ’ টাৰ্মিনেল উদ্বোধন - ভাৰতৰ প্ৰথম খন এক্সপ্ৰেছ কাৰ্গ’ টাৰ্মিনেল উদ্বোধন

দেওবাৰে বেংগালুৰুৰ কেম্পেগৌড়া আন্তৰ্জাতিক বিমানবন্দৰত ভাৰতৰ প্ৰথম খন এক্সপ্ৰেছ কাৰ্গ’ টাৰ্মিনেল উদ্বোধন কৰা হয় ৷ 2লাখ বৰ্গ ফুটৰ এই টাৰ্মিনেলটো বিশেষভাৱে আন্তঃৰাষ্ট্ৰীয় অমদানি আৰু ৰপ্তানিৰ বাবে ব্যৱহৃত কৰা হ’ব ৷ এই বাংগালুৰুৰ জ’ন সেৱা বিভাগৰ মূখ্য আয়ুক্ত এম শ্ৰীনিৱাসে উদ্বোধন কৰে এই টাৰ্মিনেলটো ৷

ভাৰতৰ প্ৰথম খন এক্সপ্ৰেছ কাৰ্গ’ টাৰ্মিনেল উদ্বোধন
ভাৰতৰ প্ৰথম খন এক্সপ্ৰেছ কাৰ্গ’ টাৰ্মিনেল উদ্বোধন

By

Published : Mar 14, 2021, 7:19 PM IST

নেশ্যনেল ডেস্ক: দেওবাৰে কেম্পেগৌড়া আন্তৰ্জাতিক বিমানবন্দৰত ভাৰতৰ প্ৰথমখন এক্সপ্ৰেছ কাৰ্গ’ টাৰ্মিনেল উদ্বোধন কৰা হয় ৷ 2 লাখ বৰ্গ ফুটৰ এই টাৰ্মিনেলটো বিশেষভাৱে আন্তঃৰাষ্ট্ৰীয় আমদানি আৰু ৰপ্তানিৰ বাবে ব্যৱহৃত কৰা হ’ব ৷ এই বেংগালুৰুৰ জ’ন সেৱা বিভাগৰ মুখ্য আয়ুক্ত এম শ্ৰীনিবাসে উদ্বোধন কৰে এই টাৰ্মিনেলটো ৷

উল্লেখ্য যে, গ্ল’বেল এক্সপ্ৰেছ কুৰিয়াৰ কোম্পানী যেনে এক্সপ্ৰেছল আৰু ফেডেক্স দৰে কোম্পানীয়ে এই টাৰ্মিনেলত কাম কৰিব । বেংগালুৰু বিমানবন্দৰত ব্যৱসায় আৰু অৰ্থনৈতিক প্ৰগতিৰ ক্ষেত্ৰত এইটো এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হ'ব আশা কৰিব পাৰি ।

ভাৰতৰ প্ৰথমখন এক্সপ্ৰেছ কাৰ্গ’ টাৰ্মিনেল উদ্বোধন

এই নতুন টাৰ্মিনেলেৰে আন্তঃৰাষ্ট্ৰীয় সামগ্ৰীসমূহ আমদানি আৰু ৰপ্তানিৰ ব্যৱসায়ত অধিক সুবিধাজনক তথা লাভদায়ক হ’ব বুলি বিবেচনা কৰিব পাৰি ৷ বেংগালুৰু বিমানবন্দৰৰ কাৰ্গ’ টাৰ্মিনেলত সকলোৰে সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰায় 1,50,000 মেট্ৰিক টন সামগ্ৰীৰ আমদানি আৰু ৰপ্তানি কৰিব পৰা যাব ।

বৰ্তমান 570,000 মেট্ৰিক টন সামগ্ৰী বাৰ্ষিক আমদানি আৰু ৰপ্তানি কৰা হৈ আছে যদিও এই নতুন টাৰ্মিনেলটোৰ দ্বাৰা প্ৰায় 7,20,000 মেট্ৰিক টন বৃদ্ধি কৰিব পৰা যাব বুলি আশা প্ৰকাশ কৰা হৈছে ।

লগতে পঢ়ক:UDAN 4.1ৰ অধীনত 392 টা নতুন বিমান পথৰ নিলামী আৰম্ভ বিমান মন্ত্ৰণালয়ৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details